Saturday, July 5, 2025
Homeৰাজনৈতিক১৫ নৱেম্বৰৰ পিছত থাকিব নোৱাৰিব কোনো বিধ্বস্ত পথঃ মুখ্যমন্ত্ৰী আদিত্য নাথ

১৫ নৱেম্বৰৰ পিছত থাকিব নোৱাৰিব কোনো বিধ্বস্ত পথঃ মুখ্যমন্ত্ৰী আদিত্য নাথ

ডিজিটেল ডেস্ক, ANEWS24X7: উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথৰ বৃহৎ ঘোষণা ৷ বিধ্বস্ত পথকলৈ এইবাৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী আদিত্যনাথে ৷ ৰাজ্যখনৰ বিধ্বস্ত পথ সমূহ নিৰ্মাণৰ বাবে সময়সীমা নিৰ্ধাৰণ কৰি দিছে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ অহা ১৫ নৱেম্বৰৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব ৰাজ্যখনৰ বিধ্বস্ত পথ সমূহৰ পুণৰ নিৰ্মাণৰ কাম ৷

১৫ নৱেম্বৰৰ পিছত উত্তৰ প্ৰদেশত কোনো পথ বিধ্বস্ত অৱস্থাত থাকিব নোৱাৰিব ৷ এই কঠোৰ নিৰ্দেশনা জাৰি কৰিছে মুখ্যমন্ত্ৰী আদিত্য নাথে ৷ এই নিৰ্দেশনা উলংঘা কৰা সকলৰ বিৰুদ্ধে গ্ৰহণ কৰা হ’ব কঠোৰ ব্যৱস্থা ৷

৮ অক্টোবৰত লক্ষৌত অনুষ্ঠিত কৰা হ’ব ‘ইণ্ডিয়ান ৰোড কংগ্ৰেছ’ৰ বৈঠক ৷ এই সন্দৰ্ভত বৃহস্পতিবাৰে ৰাজ্যখনৰ উচ্চ পৰ্যায়ৰ চৰকাৰী বিষয়া সকলৰ সৈতে এক প্ৰস্তুতি পৰ্যালোচনা বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী যোগী আদিত্য নাথ৷ উক্ত বৈঠকতে গ্ৰহণ কৰা হয় এই সিদ্ধান্ত ৷

চৰকাৰী বিষয়াসকলৰ সৈতে হোৱা বৈঠকত মুখ্যমন্ত্ৰী আদিত্যনাথে কয় যে ‘‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উদ্যোগত ৰাজ্যখনৰ দূৰৱৰ্তী গাওঁসমূহতো পকী পথ নিৰ্মাণ কৰা হৈছে। এইবাৰ সেই ৰাস্তাবোৰৰ সঠিক তত্বাৱধানৰ প্ৰয়োজন। উন্নত যোগাযোগ হৈছে প্ৰগতিৰ সূচক। যোৱা পাঁচ বছৰত প্ৰধানমন্ত্ৰীৰ নিৰ্দেশনা অনুসৰি উত্তৰ প্ৰদেশত অভূতপূৰ্ব কাম কৰা হৈছে।’’

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments