ডিজিটেল ডেস্ক, ANEWS24X7: ক’ভিডক লৈ দেশত অধিক সতৰ্কতা অৱলম্বন কৰিছে। আজি দেশজুৰি হৈচে ক’ভিড মকড্ৰিল। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীৰ মনসুখ মাণ্ডব্যৰ ঘোষণা। । প্ৰতিখন ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰীক মকড্ৰিলত অংশগ্ৰহণৰ আহ্বান। ক’ভিডৰ নতুন ভেৰিয়েণ্ট BF.7ক লৈ এতিয়া দেশজুৰি ব্যাপক সতৰ্কতা। বিমান বন্দৰে বিমান বন্দৰে আৰম্ভ হৈছে ৰেনডম টেষ্ট। কেইবাজনো বিমান যাত্ৰীৰ দেহত ধৰা পৰিছে ক’ভিডৰ উপস্থিতি।
সোমবাৰে চীনৰ পৰা অহা আগ্ৰাৰ এজন যুৱকৰ দেহত ধৰা পৰিছে কৰ’না। আজি গয়া বিমানবন্দৰত চাৰিজন বিদেশী লোকৰ দেহত ধৰা পৰিছে কৰ’না পজিটিভ। কলকাতা বিমানবন্দৰত কৰ’নাত আক্ৰান্ত দুজন লোকৰ। বেংকক আৰু কুৱালালামপুৰৰ হয় লোক দুজন। বঙাইগাঁৱৰ কেম্পেগৌড়া বিমানবন্দৰত বহিঃৰাজ্যৰ পৰা উভতি অহা ১২জন লোক আক্ৰান্ত হৈছে।
২৪ ডিচেম্বৰ পৰ্যন্ত বহিঃৰাজ্যৰ পৰা অহা ২,৮৬৭ যাত্ৰীৰ কৰ’না পৰীক্ষা কৰা হৈছিল। ইয়াৰে ১২ জনৰ সংক্ৰমণ ধৰা পৰে। এনে পৰিস্থিতিত আজি সমগ্ৰ দেশৰ সকলো স্বাস্থ্য কেন্দ্ৰত ‘মক ড্ৰিল’ অনুষ্ঠিত কৰা হৈছে।। দিল্লীৰ চফদৰজং হাস্পতালত উপস্থিত থাকিব খোদ কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডবিয়া
ক’ৰ’নাক লৈ উদ্বেগজনক পৰিস্থিতিত আজি ভাৰতীয় চিকিৎসা সংস্থাৰ প্ৰতিনিধিৰ সৈতে ভাৰ্চুৱেল বৈঠকত মিলিত হয় কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মানসুখ মাণ্ডবিয়াই। উপস্থিত আছিল শ শ চিকিৎসক। তেওঁ সকলো চিকিৎসককে ক’ৰোনাৰ বিৰুদ্ধে যুঁজত যোগদান কৰিবলৈ আহ্বান জনায়