ডিজিটেল ডেস্ক, ১এপ্ৰিল: বিহালীৰ বৰগাঙৰ পৰাই মুখ্যমন্ত্ৰীয়ে আৰম্ভ কৰিলে মহিলাৰ উদ্যমীতা আচঁনিৰ ধন।অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰিলে তিনিটাকৈ আঁচনি। উদ্যমীতা আচঁনিৰ জৰিয়তে লাখপতি বাইদেউক বিতৰণ কৰিলে দহ হাজাৰ টকীয়া চেক।এক এপ্ৰিলৰ পৰা প্ৰতি ইউনিটত ৰেহাই হব এটকাকৈ বিদুৎ ৰ বিল।প্ৰতি কিলোগ্ৰাম ধানৰ মুল্য ২. ৫০ টকাকৈ বৃদ্ধি হৈ ২৫. ৫০ টকা হব।
মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰীয়ে কৰিলে বহু গুৰুত্বপূৰ্ণ ঘোষণা। মুখ্যমন্ত্ৰীয়ে কয় যে ‘‘কংগ্ৰেছৰ দিনত অংগনৱাড়ীৰ চাকৰিৰ বাবেও ঘোচ দিব লাগিছিল। কংগ্ৰেছে মানুহবোৰক ভুলকৈ পৰিচালনা কৰি আহিছে। কংগ্ৰেছে কৈ ফুৰিছিল চৰকাৰে দিম বুলি কৈছে কিন্তু পইচা নিদিয়ে। আজি কংগ্ৰেছীবোৰ গাঁতৰ ভিতৰত সোমাই আছে। কংগ্ৰেছক একেবাৰে গাঁতত সোমাই দিব লাগে। কংগ্ৰেছৰ দিনত চাকৰিৰ দিনত ১০ লাখ, ২০ লাখ ঘোচ লৈছিল। লুঙি-ধুতিৰ নামতো ঘোচ লৈছিল কংগ্ৰেছে।’
‘‘এইবাৰ আমি কৃষকৰ পৰা ২৫৫০ টকাত ধান ক্ৰয় কৰিছো অহাবাৰ আমি ২৬০০ টকাত ধান কিনাৰ চেষ্টা কৰিম। গতিকে কৃষকে এতিয়া আৰু খেতি মাটি এনেই পেলাই নথ’ব। এতিয়া চাহপাততকৈ ধানত বেছি লাভ পাব।’’
মহিলা উদ্যমিতাৰ চেকক লৈ মুখ্যমন্ত্ৰীৰ মন্তব্য কৰে যে ‘‘চেক লৈয়েই ম’বাইল ফোন কিনিবলৈ দোকানলৈ নাযাব। ম’বাইল কিনিলে সোণৰ কণী পৰা হাঁহটো মৰি থাকিব। হাঁহটোৰ পৰা আমি সোণৰ কণী নাপাম। এই ১০ হাজাৰ টকাই দুটা কণী পাৰিব। এটা কণী ২৫ হাজাৰ টকাৰ আৰু এটা ৫০ হাজাৰ টকাৰ।’’
‘‘তিনিটাতকৈ অধিক সন্তান থকা লোকক মহিলা উদ্যমিতাৰ চেক দিয়া নাই। জনজাতি আৰু বাগিচাত ৪টালৈ ৰেহাই দিছোঁ। আজি আমি আপোনালোকক ১০,০০০ টকা দিম। অহা এবছৰৰ বাবে টকাখিনি ভাল কামত ব্যৱহাৰ কৰক। এইবছৰ পিছত প্ৰতিঘৰলৈ গৈ আমি পৰীক্ষা কৰিম, যিসকলে এই টকাৰ সদ্ব্যৱহাৰ কৰে তেওঁলোকক পুনৰ ২৫,০০০ টকা দিম। ইয়াৰ ১২,৫০০ টকা চৰকাৰে দিব আৰু ১২,৫০০ টকা বেংক ঋণ। চৰকাৰে দিয়া ১২৫০০ টকা ঘূৰাই দিব নালাগে। বেংকে দিয়া ১২,৫০০ টকা ঘূৰাব লাগিব, কিন্তু এটকাও সূত দিব নালাগে। ২৫,০০০ টকাৰ ভাল ব্যৱহাৰ কৰাসকলক আমি আৰু ৫০,০০০ টকা দিম।’’‘‘অসমৰ মহিলা গোটসমূহক ১৭,০০০ কোটি টকা বেংক ঋণ দিয়া হৈছে। ৯৯ শতাংশ মহিলাই বেংকৰ ঋণ পৰিশোধ কৰিছে। আজিৰ অসমৰ মহিলাৰ এয়াই শক্তি।’’