Monday, March 16, 2026
Homeঅসমশিলচৰ আৰু ডিমা হাচাও জিলা ভ্ৰমণ আছা ভাৰপ্ৰাপ্ত সভাপতি ৰেজান হৰ'ৰ ,...

শিলচৰ আৰু ডিমা হাচাও জিলা ভ্ৰমণ আছা ভাৰপ্ৰাপ্ত সভাপতি ৰেজান হৰ’ৰ , আদিবাসীসকলৰ সমস্যা সমূহ সমাধানৰ দাবী

সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা)ৰ ভাৰপ্ৰাপ্ত সভাপতি ৰেজান হৰো ১৮ মে’ত শিলচৰ জিলা ভ্ৰমণ কৰি জিলা খনৰ সাংগঠনিক দিশৰ লগতে শিলচৰৰ থকা চাহ শ্ৰমিকৰ ওপৰত চলা অন্যায়ৰ শোষণৰ ওপৰত জিলা সমিতিৰ লগত আলোচনা কৰে ৷ জিলাখনত থকা কিছু চাহ বাগিচাৰ মালিক পক্ষই দৈনিক মজূৰি সময়তে নিদিয়া গ্ৰেছুৱিটি পিএফ সময়ত নিদিয়াৰ বাবে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰি শীঘ্ৰে সমস্যা সমূহ সামাধান কৰাৰ বাবে মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু শ্ৰম মন্ত্ৰী ৰূপেশ গোৱালাক দাবী উত্থাপন কৰে ৷

শিলচৰ গুমৰাহ চাহ বাগিচাত অনুষ্টিত হোৱা সভাত শিলচৰ জিলাৰ সভাপতি চিলাচ মুণ্ডা সম্পাদক বিবেক তাতী ধুবুৰী জিলাৰ সভাপতি মাথিও বাৰ্লা লগতে জিলাখনৰ কৰ্মকৰ্তা উপস্থিত আছিল বুলি আছাৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক দেবেন ওৰাঙে এক প্ৰেছ বিবৃতি জানিবলৈ দিছে ৷

আনহাতে ১৯ মে’ত সভাপতি গৰাকী ডিমা হাচাও জিলা ভ্ৰমণ কৰি জিলা খনৰ আদিবাসী আদিবাসী লোক সকলে আজিলৈকে জাতিগত প্ৰমাণ পত্ৰ নোপোৱাটো দূৰ্ভাগ্যজনক আখ্যা দিয়ে আৰু চৰকাৰক শীঘ্ৰে ডিমাহাচাও জিলাত থকা আদিবাসী সকলক জাতিগত প্ৰমাণ প্ৰদান কৰিবলৈ দাবী জনাই ৷ জিলাখনত নৱনিৰ্বাচিত ভাৰপ্ৰাপ্ত সভাপতি গৰাকীক উষ্ম আদৰণি জনাই ৷ ভাৰপ্ৰাপ্ত সভাপতি গৰাকীক জিলাখনৰ সভাপতি দিবু গোৱালা সম্পাদক বাবুলু গড় সহযোগ কৰে ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments