ডিজিটেল ডেস্ক anews24x7: অসমৰ শিল্পী তথা গায়ক শংকুৰাজ কোঁৱৰৰ সপোন পূৰ্ণ হ’ল । শংকুৰাজ কোঁৱৰৰ এংগেজমেণ্ট সম্পন্ন । আচলতে ‘অলকানন্দা’ এই গীতটোৰ পৰাই জনপ্ৰিয় হৈ পৰিছিল কণ্ঠশিল্পী শংকুৰাজ কোঁৱৰ ।
গানটোৰ আঁৰৰ কাহিনী কি বাৰু জানে নে ? আচলতে এই গানৰ আঁৰত আছে এগৰাকী নাৰী। ডিব্ৰুগড় জিলা চাবুৱা দিনজয় সত্ৰৰ সত্ৰাধিকা মুকুন্দনন্দ দেৱ গোস্বামীৰ কন্যা অলকানন্দা গোস্বামীক বুধবাৰে আঙুঠি পিন্ধাই যুগ্ম জীৱনৰ পাতনি মেলিলে জনপ্ৰিয় কণ্ঠশিল্পী শংকুৰাজ কোঁৱৰে।
শংকুৰাজ অসমৰ এগৰাকী কণ্ঠশিল্পী আৰু ইউটিউবাৰ। তেওঁ অসমীয়া গীতৰ আধুনিক ইলেকট্ৰনিক সংগীতৰ ধাৰালৈ আগবঢ়োৱা অৱদানৰ বাবেও জনপ্ৰিয়। ইপিনে শংকুৰাজ আৰু অলকানন্দাৰ এই বিশেষ দিনটোত তেওঁলোকে সামাজিক ৰীতি–নীতিৰে বাগদান সম্পন্ন কৰাৰ লগতে কেক কাটিও দিনটো উদযাপন কৰে।