Friday, November 8, 2024
Homeঅসমআজি অসম আৰক্ষী দিৱস, প্ৰদান কৰা হয় আৰক্ষী সঞ্চালক প্ৰধানৰ প্ৰশংসা সন্মান

আজি অসম আৰক্ষী দিৱস, প্ৰদান কৰা হয় আৰক্ষী সঞ্চালক প্ৰধানৰ প্ৰশংসা সন্মান

ডিজিটেল ডেস্ক, ANEWS24X7: ১ অক্টোবৰ আজি অসম আৰক্ষী দিৱস। ৷১৯৫১ চনত অসম আৰক্ষীৰ অধীক্ষক ৰূপে দ্বায়িত্বভাৰ গ্ৰহণ কৰা আইপিএছ বিষয়া কে আৰ চৌধুৰীৰ স্মৃতিত প্ৰতি বছৰে পালন কৰা হয় অসম আৰক্ষী দিৱস ৷অৰক্ষী দিৱস উপলক্ষে ২৬১ গৰাকী বিষয়াক প্ৰদান কৰা হয় আৰক্ষী সঞ্চালক প্ৰধানৰ প্ৰশংসা বঁটা ৷

আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই ২৬১ গৰাকী আৰক্ষী বিষয়া আৰু কনিষ্টবলক এটা সন্মান প্ৰদান কৰা হয় ৷ অসম আৰক্ষীৰ ৭ গৰাকীলৈ স্বাৰ্ণ পদক আৰু ২৫৪ গৰাকীলৈ ৰূপৰ পদক প্ৰদান কৰা হয় ৷ ৪ৰ্থ আৰক্ষী বেটেলিয়েন খেলপথাৰত আয়োজন কৰা এক অনুষ্ঠানত প্ৰদান কৰা হয় এই পদক সমূহ। উক্ত অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যৰ মুখ্য সচীব পৱন কুমাৰ বৰঠাকুৰ ।

 

উল্লেখ্য যে ১৯৫১ চনৰ ১ অক্টোবৰত ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া কে আৰ চৌধুৰীদেৱে প্ৰথম ভাৰতীয় বিষয়া হিচাপে ব্ৰিটিছ আৰক্ষী বিষয়া জে এইচ ৰীডৰ পৰা আনুষ্ঠানিকভাৱে অসম আৰক্ষীৰ মুখ্য বিষয়াৰ কাৰ্যভাৰ গ্ৰহণ কৰিছিল। তেতিয়াৰে পৰা এই দিনটোত অসম আৰক্ষীক কৃতজ্ঞতা প্ৰকাশৰ বাবে অসম আৰক্ষী দিৱস হিচাপে উদযাপন কৰি অহা হৈছে ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments