হেমন্ত শৰ্মা, ৮ ফেব্ৰুৱাৰীঃ সন্তান জন্ম দিলেই এটা কোম্পানীয়ে দিব লাখ লাখ টকা। সম্প্ৰতি দক্ষিণ কোৰিয়াত জন্মৰ হাৰ ক্ৰমাৎ হ্ৰাস পাইছে। এই সমস্যা সমাধানৰ বাবে দেশখনৰ এটা কোম্পানীয়ে লাখ লাখ টকা খৰচ কৰিবলৈ সাজু হৈছে। ছিউলৰ নিৰ্মাণ কোম্পানী বুয়ং গ্ৰুপে ঘোষণা কৰিছে যে তেওঁলোকৰ কৰ্মচাৰীসকলে সন্তান জন্ম দিলে ৭৫ হাজাৰ ডলাৰ বা এক কোটি কোৰিয়ান লাভ কৰিব।
কৰ্মচাৰীসকলে প্ৰতিবাৰ সন্তান জন্ম দিয়াৰ সময়ত এই বোনাছ লাভ কৰিব। বুয়ং গ্ৰুপে এক বাতৰি বিজ্ঞপ্তিযোগে কয় যে তেওঁলোকে কৰ্মচাৰীসকলক মুঠ ৫২.৫ লাখ ডলাৰ নগদ ধন দিব। ২০২১ চনৰ পৰা এই কোম্পানীটোৰ কৰ্মচাৰীয়ে ৭০ টা শিশুৰ বিপৰীতে দিছে ধন। কোম্পানীটোৰ এগৰাকী মুখপাত্ৰই চিএনএনক জনোৱা মতে, এই সুবিধা তেওঁলোকৰ সকলো পুৰুষ আৰু মহিলা কৰ্মচাৰীৰ বাবে প্ৰযোজ্য হ’ব।
ষ্টেটিষ্টিকছ কোৰিয়াৰ তথ্য অনুসৰি ২০২২ চনত দক্ষিণ কোৰিয়াত বিশ্বৰ ভিতৰতে প্ৰজননৰ হাৰ আছিল সৰ্বনিম্ন। সেই বছৰত দেশখনত জন্মৰ হাৰ আছিল ০.৭৮। কোম্পানীটোৱে ভৱিষ্যদ্বাণী কৰিছে যে ২০২৫ চনৰ ভিতৰত এই হাৰ ০.৬৫ লৈ হ্ৰাস পাব। সেয়ে ল’বলগীয়া হৈছে এনে ব্যতিক্ৰমী পদক্ষেপ।