Tuesday, July 8, 2025
Homeৰাষ্ট্ৰীয়কনিষ্টবল পদৰ বাবে আবেদন কৰিব পাৰিব তৃতীয় লিংগৰ ব্যক্তি সকলে

কনিষ্টবল পদৰ বাবে আবেদন কৰিব পাৰিব তৃতীয় লিংগৰ ব্যক্তি সকলে

ডিজিটেল ডেস্ক, ANEWS24X7: এতিয়াৰে পৰা তৃতীয় লিংগৰ লোকসকলেও আৰক্ষী কনিষ্টবল পদৰ বাবে আবেদন কৰিব পাৰিব ৷ ফেব্ৰুৱাৰী মাহৰ ভিতৰত আৰক্ষী কনিষ্টবল পদৰ বাবে তৃতীয় লিংগৰ শাৰীৰিক পৰীক্ষা সম্পৰ্কে এক সমপূৰ্ণ নিয়ম প্ৰস্তুত কৰা হ’ব ৷ এই পদক্ষেপ গ্ৰহণ কৰিছে মহাৰাষ্ট্ৰ চৰকাৰে ৷ শুক্ৰবাৰে এই সন্দৰ্ভত মহাৰাষ্ট্ৰ চৰকাৰে বোম্বাই উচ্চ ন্যায়ালয়ক অৱগত কৰে ৷

ইয়াৰ পূৰ্বে তৃতীয় লিংগৰ দুজন ব্যক্তিয়ে গৃহ বিভাগৰ সকলো পদত তৃতীয় লিংগৰ বাবে আবেদন কৰাৰ অধিকাৰ বিচাৰি মহাৰাষ্ট্ৰ প্ৰশাসনিক ন্যায়াধিকৰণৰ কাষ চাপিছিল ৷ ন্যায়াধিকৰণে সেই দাবী মঞ্জুৰ কৰিছিল ৷ কিন্তু মহাৰাষ্ট্ৰ চৰকাৰে ইয়াৰ বিৰোধিতা কৰি উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল ৷

উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ দীপাংকৰ দত্ত আৰু ন্যায়াধীশ অভয় আহুজাৰ এক খণ্ড বিচাৰপীঠে বৃহস্পতিবাৰে ৰাজ্য চৰকাৰক আৰক্ষী কনিষ্টবল পদৰ বাবে তৃতীয় লিংগৰ বাবে আবেদনৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিছিল ৷ আদালতে চৰকাৰী চাকৰিত তৃতীয় লিংগৰ অধিকাৰ নিশ্চিত কৰাৰ ক্ষেত্ৰত চৰকাৰ গভীৰ নিদ্ৰাত আছে বুলি কটাক্ষ কৰে ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments