ডিজিটেল ডেস্ক, ANEWS24X7: পিতৃ মাতৃৰ বাবে তেওঁৰ সন্তানটিৰ সুখেই এক প্ৰাপ্তিৰ সুখ । সম্প্ৰতি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এটা আৱেগিক ইনষ্টাগ্ৰাম ৰিল । য’ত এজনী ছোৱালীয়ে দেউতাকৰ ভৰি স্পৰ্শ কৰিছে বিমানখন চলোৱাৰ আগতে। আচলতে তেওঁৰ পিতৃ যাত্ৰী হিচাপে আছিল সেই বিমানখনত।
ভিডিঅ’টোত পৰিলক্ষিত হৈছিল যে জীয়ৰীৰ উচ্চতা অৰ্জন কৰা দেখি তেওঁৰ চকুত আনন্দৰ চকুপানী ওলাইছিল । প্ৰতেকৰে সপোন থাকে নিজৰ সন্তানটিক লৈ ঠিক তেনেদৰে এইগৰাকী পাইলটে তেওঁৰ পিতৃক বিমানত লৈ যোৱা এটা ভিডিঅ’টো কেইবাজনো দৰ্শকৰ মন স্পৰ্শ কৰিছে।
এয়াৰবাছ ৩২০ বিমানৰ কেপ্টেইন গৰাকীয়ে ইনষ্টাগ্ৰাম ৰিল হিচাপে এই ভিডিঅ’টো শ্বেয়াৰ কৰিছিল। ভিডিঅ’টো, আমি পাইলটেগৰাকীক দেখিবলৈ পাওঁ যিয়ে তেওঁৰ সামাজিক মাধ্যমৰ প্ৰ’ফাইল অনুসৰি মুম্বাই, ভাৰত আৰু স্পেইনৰ মাদ্ৰিদৰ মাজত যাত্ৰা কৰে লগতে দেউতাকৰ সৈতে কিছু জীৱনৰ অতি সুন্দৰ মুহূৰ্ত অতিবাহিত কৰে।
যুৱতীগৰাকীয়ে ভিডিঅ’টো শ্বেয়াৰ কৰোঁতে লিখিছিল যে তাই প্ৰায়ে ৰাতিপুৱা ঘৰৰ পৰা ওলাই যায়, অৱশ্যে, তাইৰ মাক-দেউতাকৰ পৰা বিমানখনৰ বাবে আশীৰ্বাদ আৰু শুভেচ্ছা বিচৰাটো কেথিয়াও নাপাহৰে । তাই ভাইৰেল ভিডিঅ’টোৰ তলত লিখিছিল, “. আমি উৰা মৰাৰ আগতে আশীৰ্বাদ লওঁ ,মই কেতিয়াও মোৰ মা-দেউতাৰ আশীৰ্বাদ অবিহনে মোৰ ঘৰৰ পৰা ওলাই নাযাওঁ, কেতিয়াবা মই ৰাতিপুৱা উৰা মাৰো, ৰাতিপুৱা ৩ বা ৪ বজাত ঘৰৰ পৰা ওলাই যাওঁ যেতিয়া মোৰ মা-দেউতা গভীৰ টোপনিত থাকে, যদিও ভৰি স্পৰ্শ নকৰাকৈ ঘৰএৰি যোৱাটো মোৰ বাবে অসম্পূৰ্ণ।”