ডিজিটেল ডেস্ক, ANEWS24X7: সেউজীয়া সেউজীয়া গছবোৰ বহুত ভাল লাগে । গৰমত গছৰ তলত থিয় দিলেই আমাৰ মনটো শীতল হৈ পৰে। গছ থকাৰ বাবেই আমি আছো। গছ অবিহনে এখন পৃথিৱী কল্পনাৰ বাহিৰত। এবাৰ গছবিহীন পৃথিৱীখন কল্পনা কৰি চাওকচোন,ভাবিলেই আচৰিত লাগে নহয় নে ।
বতাহত আপুনি গছবোৰ হালি–জালি থকা দেখিছে। কিন্তু গছে নচা জানো দেখিছে কেতিয়াবা? সেয়াও আকৌ অবিকল মানুহৰ দৰেই নাচ। আজি তেনে এটা ভিডিঅ’ কথা কম ।
সম্প্ৰতি টুইটাৰে @TheFigen_নামৰ এটাৰ পেজৰ পৰা এই ভিডিঅ’টো শ্বেয়াৰ কৰা হৈছে। এনে ভিডিঅ’ হয়তো আপুনি কেতিয়াও দেখা নাই। ভিডিঅ’টোত দেখা গৈছে, প্ৰবল বতাহত এজোপা গছ অদ্ভুতভাৱে হালিছে–জালিছে। ভিডিঅ’টোৰ কেপচনত লিখা হৈছে, ‘‘আশ্চৰ্য এই প্ৰকৃতি! প্ৰবল বতাহত গছজোপাক নাচি থকা দেখা গৈছে।’’