নিদান পূৰ্তি. মৰাণ: টাইপা আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিতৰ্কৰ মাজতে এইবাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিৰুদ্ধে একত্ৰিত হল আহোম জনগোষ্ঠীৰ কেইবাটাও সংগঠন ।
আজি মৰাণৰ কাৰেং হোটেলৰ সভাকক্ষত কেইবাটাও সংগঠনে এখনি যৌথসভাত মিলিত হৈ কেইবাটাও গুৰুত্ব পূৰ্ন সিদ্ধান্ত গ্ৰহন কৰে ।
# এতিয়াৰে পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সদস্য পদ গ্ৰহন কৰা লোকক OBC প্ৰমান পত্ৰ দিয়া নহব,
# টাই আহোম উন্নয়ন পৰিষদৰ সদস্য পদ গ্ৰহন কৰি থকা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লোকক সদস্য পদ খাৰিজ কৰিবলৈ আহ্বান ।
# উজনি অসমত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতিটো অনুষ্ঠান বৰ্জন কৰা হব আৰু বল প্ৰয়োগ কৰি বন্ধ কৰি দিয়া হব ।
# কাইলৈ অসম’ৰ বিভিন্ন থানাই থানাই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিব ।
# আগন্তুক দিনত গাঁৱে গাঁৱে, চহৰে চহৰে মে-ডাম-মেফী অনুষ্ঠিত কৰা হব ।
# প্ৰত্যেক গাঁৱত চাও চেঙ ৰেন নিৰ্মাণ কৰাৰ সিদ্ধান্ত ।
যৌথ সভাৰ পিছতে সংগঠনকেইটাই সংবাদমেলৰ জড়িয়তে সদৰি কৰে এই সিদ্ধান্ত ।
কাৰ্যসূচীত উপস্থিত থাকে ক্ৰমে টাইপা, আহোম সভা, আহোম জাতীয় মহাসভা, আটাছু, টাই সাহিত্য সভা, টাই আহোম জাতীয় পৰিষদ, মহন দেওধানই বাইলুং সন্মিলন, মহন দেউধাই বাইলুং বংশাৱলী পৰিষদ, টাই আহোম য়ুথ ফৰাম, ইণ্ডিজিনিয়া পিপুলচ অফ মুং ডুং চুং খাম আৰু পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ বিষয়-ববীয়া ।
