Monday, July 7, 2025
Homeআন্তঃৰাষ্ট্ৰীয়এইবাৰ জোতাৰ ব্যৱসায়ত নামিল ড’নাল ট্ৰাম্প

এইবাৰ জোতাৰ ব্যৱসায়ত নামিল ড’নাল ট্ৰাম্প

ডিজিটেল ডেক্স, ১৮ ফেব্ৰুৱাৰীঃ আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে আৰম্ভ কৰিছে জোতাৰ ব্যৱসায়। শনিবাৰে ফিলাডেলফিয়াৰ ‘স্নিকাৰ কন’ (বিশ্বৰ সৰ্ববৃহৎ স্নিকাৰ বিক্ৰী বিল্ডিং)ত তেওঁ ‘ট্ৰাম্প স্নিকাৰছ’ ব্ৰেণ্ড উন্মোচন কৰে। ট্ৰাম্পে নিজৰ নতুন ৱেবছাইটত প্ৰদৰ্শিত সোণৰ ৰঙৰ স্নিকাৰ এযোৰৰ ফটো পোষ্ট কৰে।

ইয়াৰ টেগলাইন হৈছে “দ্য নেভাৰ ছাৰেণ্ডাৰ হাই-টপ স্নিকাৰ”। ৱেবছাইটটোৱে জোতাৰ বিজ্ঞাপনত প্ৰকাশ কৰা অনুসৰি কমেও ১০ যোৰ জোতাৰ ওপৰত ট্ৰাম্পে অটোগ্ৰাফ দিব। শনিবাৰে নিশা ৱেবছাইটত বিক্ৰীৰ বাবে তালিকাভুক্ত কৰা হয় ১০০০ যোৰ জোতা। অলপ সময়ৰ ভিতৰতে সকলো জোতা বিক্ৰী হৈ যায়। প্ৰতিযোৰ জোতাৰ দাম প্ৰায় ৪৫ হাজাৰ টকা। ট্ৰাম্পে কয় যে তেওঁৰ মনত যোৱা ১২-১৩ বছৰ ধৰি এই ব্যৱসায়িক পৰিকল্পনা আছিল।

এই ব্যৱসায়ৰ ব্যাপক সফলতাক লৈ তেওঁ অতি আশাবাদী বুলিও কয়। ট্ৰাম্পে ৱেবছাইটত আন দুযোৰ জোতাৰ জোতাও তালিকাভুক্ত কৰিছে। নাম ৰাখিলে ‘টি’ আৰু ‘৪৫’। এইবোৰৰ দাম প্ৰতি যোৰত প্ৰায় ২২ হাজাৰ টকা। ৱেবছাইটটোৰ মতে, এই জোতাৰ উৎপাদন, ডিজাইন বা বিপণনৰ লগত ট্ৰাম্প বা তেওঁৰ কোনো সংগঠন প্ৰত্যক্ষভাৱে জড়িত নহয়। চুক্তিৰ অধীনত ট্ৰাম্পৰ নাম আৰু ভাবমূর্তি ব্যৱহাৰ কৰিছে৷ ইয়াৰ এদিন আগতে ড’নাল্ড ট্ৰাম্পক দেশখনৰ এগৰাকী ন্যায়াধীশে প্ৰায় ৩৫ কোটি ডলাৰ জৰিমনা বিহিছিল। সম্পত্তিৰ মূল্যৰ বিষয়ে ভুৱা তথ্য দিয়াৰ অভিযোগত ট্ৰাম্পে ভৰিব লাগিব এই বিশাল ধনৰাশি।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments