ডিজিটেল ডেস্ক, ANEWS24X7: সমাগত গুজৰাট বিধানসভা নিৰ্বাচন ৷ যিকোনো মুহূৰ্ততে নিৰ্বাচন আয়োগে ঘোষণা কৰিব পাৰে নিৰ্বাচনৰ দিন ৷ গুজৰাটত শাসকীয় বিজেপিৰ বিৰুদ্ধে এইবাৰ ব্যাপক ৰূপত প্ৰতিষ্ঠান বিৰুদ্ধি ঢৌ দেখিবলৈ পোৱা গৈছে ৷প্ৰতিষ্ঠান বিৰোধী ঢৌৰ প্ৰতি লক্ষ্য ৰাখি দলটোৰ কেইবাজনো বিধায়কক টিকট নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷
বিজেপি এক সূত্ৰৰ খবৰ অনুসৰি গুজৰাটৰ ৰাকো , জামনগৰ , সোমনাথ , দ্বাৰকা আৰু জুনাগড় সমষ্টিতত নতুন মুখ বিবেচনা কৰা হৈছে ৷ বিজেপিৰ শীৰ্ষ নেতৃত্বই এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে আলোচনাত মিলিত হৈছে ৷
গুজৰাটৰ মন্ত্ৰী-বিধায়ক সকলৰ লগতো কৰা হৈছে আলোচনা ৷ আলোচনাত মন্ত্ৰী সকলৰ কামৰ খতিয়ান লোৱা হৈছে