Saturday, March 28, 2026
Homeঅসম'এইবাৰ নাঙল পদুম একেলগে আছে'

‘এইবাৰ নাঙল পদুম একেলগে আছে’

তামুলপুৰত NDA প্ৰাৰ্থী বিশ্বজিৎ দৈমাৰীৰ হৈ মাৰাথান নিৰ্বাচনী প্ৰচাৰ হিমন্ত বিশ্ব শৰ্মা,হাগ্ৰামা মহিলাৰীৰ। প্ৰতিকূল বতৰকো নেওচি আজি বিশ্বজিৎ দৈমাৰীৰ নিৰ্বাচনী প্ৰচাৰ সভাত দেখা গল, জনতাৰ বিপুল সঁহাৰি। তামুলপুৰৰ পাটকীজুলি খেলপথাৰত অনুষ্ঠিত বিশ্বজিৎ দৈমাৰীৰ নিৰ্বাচনী প্ৰচাৰ সভাত হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্যৱ-

বাগানপাৰা গেৰুৱাৰ পৰা পদ্মানন্দ বজাৰলৈ যোৱাৰ বাবে পাগলাদিয়া নদীৰ ওপৰত নতুন দলং নিৰ্মান হব।নলবাৰী গণেশ মন্দিৰৰ পৰা উত্তৰকুচিলৈ অসম মালালৈ ৰূপান্তৰ কৰা হব।তামুলপুৰ বৰখোপাত নতুন প্ৰেক্ষাগৃহ,তামুলপুৰৰ পৰা ঘগ্ৰাপাৰ যোৱা পথক অসম মালাৰ জৰিয়তে উন্নতি কৰা, তামুলপুৰৰ দ্বাৰকুছিৰ পৰা বড়োলেণ্ড চকলৈ যোৱা পথ অসম মালাৰ জৰিয়তে নিৰ্মান হব।বাগানপাৰা কলেজক প্ৰদেশীকৰণ কৰি দিম।

এইবাৰ নাঙল পদুম একেলগে আছে।হাগ্ৰামা বিটিচি প্ৰদান হোৱাৰ পিছতে সামাজিক সৎভাৱ আৰম্ভ হৈছে।

এইবাৰ আমাৰ চৰকাৰ আহিলে দুই লাখ লৰা ছোৱালীক চাকৰি প্ৰদান কৰিম।

তামুলপুৰত এইবাৰ বিশ্বজিৎ দৈমাৰীক জিকাই দিব লাগে।

তামুলপুৰ সমষ্টিৰ বাবে আৰু দহ হেজাৰ মহিলাক অৰুনোদই দিম।নতুন ৰেচন কাৰ্ডৰ বাবে সুবিধা প্ৰদান কৰা হব।

এইবাৰ চাউল,ডালি, নিমখৰ লগত মিঠাতেল ও যোগ কৰি দিম। মহিলা সকলে কোনো চিন্তা কৰিব নালাগে।

এইবাৰ ভাগিনৰ পৰা শুনাৰ সকলো দায়িত্ব লব মামাই।

যোৱাবাৰ আমি ১ লাখ লৰা ছোৱালীক দুই লাখকৈ দিছোঁ। এইবাৰ আমি বঢ়াই দিম*এইবাৰ তামুলপুৰ সমষ্টিত দহ হাজাৰ লোকক দুই লাখ টকাকৈ দিম।*

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments