ডিজিটেল ডেস্ক, ANEWS24X7: আফগানিস্তানত ছোৱালী হৈ জন্ম হোৱাটো হৈ পৰিছে যেন এক অপৰাধ ৷ ২০২১ বৰ্ষত তালিবানে আফগানিস্তান দখল কৰাৰ পিছৰে পৰা পুনৰ খৰ্ব হৈছে মহিলা সকলৰ সকলো অধিকাৰ ৷ তালিবানে সকলো প্ৰতিশ্ৰুতি ভংগ কৰি নিজ খেয়াল খুচি মতে চলাইছে চৰকাৰ ৷ যত মহিলাসকলৰ মৌলিক অধিকাৰ সমূহ একেবাৰে খৰ্ব কৰা হৈছে ৷
আফগানিস্তানত স্কুলৰ পিছত এইবাৰ বিশ্ববিদ্যালয় ৷ আফগাানিস্তানত তালিবান চৰকাৰৰ নতুন নিৰ্দেশনা ৷ আফগানিস্তানৰ বিশ্ববিদ্যালয়সমূহত মহিলাৰ প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰিছে তালিবানে ৷ তালিবান চকাৰৰ উচ্চ শিক্ষা মন্ত্ৰালয়ে এই সন্দৰ্ভত এক নতুন নিৰ্দেশনা জাৰি কৰিছে ৷
তালিবান চৰকাৰৰ উচ্চ শিক্ষা মন্ত্ৰালয়ৰ মুখপাত্ৰই কয় যে , ‘‘এতিয়াৰে পৰা ছাত্ৰী সকলে আফগানিস্তানৰ ৰাজহুৱা আৰু ব্যক্তিগত বিশ্ববিদ্যালয়ত প্ৰৱেশ কৰিব নোৱাৰিব ৷ এই সিদ্ধান্ত কেবিনেটৰ অনুমোদনত লোৱা হৈছে ৷
এসপ্তাহৰ পূৰ্বে আফগানিস্তানৰ বিশ্ববিদ্যালয়সমূহত প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত হৈছিল ৷ ইয়াৰ পিছতে তালিবান চৰকাৰৰ এই সিদ্ধান্তই দেশখনৰ ছাত্ৰী সকলৰ মাজত যথেষ্ট হতাশাৰ সৃষ্টি কৰিছে ৷ কিছুদিন পূৰ্বে বিশ্ববিদ্যালয় সমূহত ছাত্ৰ-ছাত্ৰী সকলৰ বাবে পৃথক পৃথক আসনৰ ব্যৱস্থা কৰা হৈছিল ৷ ইয়াকলৈ বহু আশা কৰিছিল ছাত্ৰী সকলে ৷ কিন্তু তালিবান চৰকাৰৰ এই সিদ্ধান্তই ছাত্ৰী সকলৰ শিক্ষা গ্ৰহণৰ সকলো পথ বন্ধ কৰিলে ৷
তালিবান চৰকাৰৰ এই সিদ্ধান্তৰ তীব্ৰ গৰিহণা দিছে আন্তৰ্জাতিক মহলে ৷ আফগানিস্তানত থকা আমেৰিকাৰ ৰাষ্ট্ৰদূত জালমে খলিলজাদে কয় যে , ‘‘তালিবানে যি ধৰণে মহিলাৰ উচ্চ শিক্ষাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে সেয়া সহ্য কৰিব নোৱাৰি ৷’’
উল্লেখ্য যে ইয়াৰ পূৰ্বে তালিবান চৰকাৰে মহিলা সকলক উদ্যান আৰু জিমলৈ যোৱাত নিষেধাজ্ঞা আৰোপ কৰিছিল ৷ উদ্যানত প্ৰৱেশ কৰিবলৈ হ’লে মহিলা সকলে ঘৰৰ লোকসকলৰ সৈতে যাব লাগিব ৷ অন্যথা শাস্তিৰ সন্মুখীন হ’ব লাগিব ৷ এইবাৰ বিশ্ববিদ্যালয়ত ছাত্ৰীৰ প্ৰৱেশত নিষেধাজ্ঞা ৷