দুলাল কলিতা, বিলাসীপাৰা: ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমাৰ অন্তৰ্গত ফুটকিবাৰী অঞ্চলত পুৱতিনিশা চাঞ্চল্যকৰ ঘটনা । তিনিজনীয়া অস্ত্ৰধাৰী দুৰ্বৃত্তৰ দলে পিষ্টলৰ কুণ্ডাৰে এজন যুৱকক আঘাত কৰি গুৰুতৰভাবে আহত কৰে । যুৱক জনৰ নাম নন্দন নাথ ।
যুৱক জনে প্ৰাণৰ মমতাত চিঞৰ বাখৰ কৰাত স্থানীয় ৰাইজ ওলাই আছে পিছত দুৰ্বৃত্তই শূণ্যলৈ গুলি চালনা কৰি ঘটনা স্থলীৰ পৰা পলায়ন কৰে। ঘটনাস্থলীত খালি কাৰ্টিজ উদ্ধাৰ । ঘটনাস্থলীত ধুবুৰী আৰক্ষী অধীক্ষক নবীন সিং উপস্থিত। ঘটনা সম্পৰ্কত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।
এই অস্ত্ৰধাৰী দুৰ্বৃত্তৰ দলে কি উদ্দেশ্যত আহিছে সেয়া এতিয়া ৰহস্যৰ আঁৰত ।
