ডিজিটেল ডেস্ক, ANEWS24x7: জম্মু-কাশ্মীৰত আৰক্ষীৰ জালত তিনি দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী ৷ কাশ্মীৰৰ বান্দিপোৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে উগ্ৰপন্থী তিনিজনক ৷ কাশ্মীৰৰ বান্দিপোৰাত প্ৰবাসী শ্ৰমিকক হত্যাৰ লগত জৰিত আছিল এই তিনিজন সন্ত্ৰাসবাদী ৷ সন্ত্ৰাসাদী কেইটা লস্কৰ-ই-তৈবাৰ সৈতে জৰিত বুলি জানিব পৰা গৈছে ৷ এই কথা সদৰি কৰে বান্দিপোৱাৰ আৰক্ষী অধীক্ষক মুহাম্মাদ জাহিদে ৷
আৰক্ষী অধীক্ষক গৰাকীয়ে এক সংবাদমেল সম্বোধন কৰি কয় যে , ‘‘প্ৰবাসী শ্ৰমিকক হত্যাকাণ্ডৰ তদন্তৰ বাবে এখন এচআইটি গঠন কৰি দিয়া হৈছিল ৷ স্থানীয় লোকক সোধ-পোছ কৰাৰ অন্তত এই তিনিজন সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰা হৈছে ৷ তিনিওজনে কাশ্মীৰৰ প্ৰবাসী শ্ৰমিক মহম্মদ আমৰেজৰক হত্যা কৰাৰ কথা স্বীকাৰ কৰিছে ৷ অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে জম্মু-কাশ্মীৰ আৰক্ষীয়ে ৷ যুৱক তিনিজনৰ পৰা অস্ত্ৰ-শস্ত্ৰও উদ্ধাৰ কৰা হৈছে ।’’