Saturday, July 5, 2025
Homeআন্তঃৰাষ্ট্ৰীয়বেয়া দিন চলিছে টিকটকৰ! আমেৰিকাতো নিষিদ্ধ হ’ব টিকটক!

বেয়া দিন চলিছে টিকটকৰ! আমেৰিকাতো নিষিদ্ধ হ’ব টিকটক!

ডিজিটেল ডেস্ক, anews24x7: 
আমেৰিকা যুক্তৰাষ্ট্ৰৰ দুজন চিনেটৰে সোমবাৰে কয় যে বিদেশী প্ৰযুক্তিৰ পৰা আহিব লগিয়া ভাবুকিৰ সৈতে মোকাবিলা কৰিবলৈ তেওঁলোকৰ প্ৰচেষ্টা চলি আছে৷ তেওঁলোকে মঙলবাৰে ৰাষ্ট্ৰপতি জো বিডেনৰ প্ৰশাসনক চীনা মালিকানাধীন ভিডিঅ’ এপ টিকটক আৰু সুৰক্ষাৰ বিপদাশংকা সৃষ্টি কৰিব পৰা অন্যান্য এপসমূহ নিষিদ্ধ কৰাৰ বাবে নতুন ক্ষমতা প্ৰদান কৰাৰ লক্ষ্যৰে আইন প্ৰণয়ন কৰিব। ব্যৱহাৰকাৰীৰ তথ্য চীনা চৰকাৰৰ হাতত পৰিব পাৰে বুলি আশংকা কৰি টিকটক বিভিন্ন প্ৰশ্নৰ সন্মুখীন হৈছে৷ ব্যৱহাৰকাৰীৰ তথ্য চীনা চৰকাৰৰ হাতত পৰিলে পশ্চিমীয়া নিৰাপত্তাৰ স্বাৰ্থ হ্ৰাস হ’ব পাৰে।

টিকটকৰ মুখ্য কাৰ্যবাহী শৌ জি চিউ অহা ২৩ মাৰ্চত মাৰ্কিন কংগ্ৰেছৰ সন্মুখত হাজিৰ হ’ব। মাৰ্কিন চিনেটৰ মাৰ্ক ৱাৰ্ণাৰ, যি এগৰাকী ডেমক্ৰেটিক পাৰ্টিৰ সদস্য আৰু জন থুনে, এজন ৰিপাব্লিকান আৰু অন্যান্য চিনেটৰ সকলে মঙলবাৰে বিডেন প্ৰশাসনক ১০০ নিযুততকৈও অধিক আমেৰিকানৰ দ্বাৰা ব্যৱহৃত বাইটডান্সৰ মালিকানাধীন এপটো নিষিদ্ধ কৰিলৈ নতুন ব্যৱস্থা প্ৰদান কৰাৰ বাবে শেহতীয়া প্ৰস্তাৱ উন্মোচন কৰাৰ পৰিকল্পনা কৰিছে।

যোৱা সপ্তাহত, হাউচ ফৰেইন এফেয়াৰ্ছ কমিটিয়ে প্ৰতিনিধি মাইকেল মেকক’লৰ দ্বাৰা পৃষ্ঠপোষকতা কৰা এখন বিধেয়কৰ ওপৰত দলগত ভাৱে ভোট দান কৰিছিল যাতে ৰাষ্ট্ৰপতি বিডেনক টিকটক নিষিদ্ধ কৰাৰ ক্ষমতা প্ৰদান কৰিব পৰা যায়৷ অৱশ্যে ২০২০ চনত তদানিন্তন মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক টিকটক নিষিদ্ধ কৰাত আদালতৰ দ্বাৰা বাধা দিয়া হৈছিল।

ডেম’ক্ৰেটসকলে মেকক’লৰ বিধেয়কৰ বিৰোধিতা কৰি কয় যে ইয়াক ততাতৈয়াকৈ কৰা হৈছিল যদিও বিশেষজ্ঞসকলৰ পৰামৰ্শৰ প্ৰয়োজন আছিল। চীনক লক্ষ্য কৰি লোৱা কিছুমান গুৰুত্বপূৰ্ণ বিধেয়ক যেনে চিপচ ফাণ্ডিং বিলৰ অনুমোদন লাভ কৰিবলৈ ১৮ মাহ সময় লাগিছিল। মেকক’লে কৈছিল যে তেওঁ ভাবে যে সম্পূৰ্ণ আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিনিধি সভাই এই মাহত বিধেয়কৰ ওপৰত ভোট দিব পাৰে।

টিকটকে যোৱা সপ্তাহত কয় যে এই এপটোৰ ওপৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিষেধাজ্ঞা “বিশ্বব্যাপী আমাৰ সেৱা ব্যৱহাৰ কৰা বিলিয়ন লোকলৈ আমেৰিকান সংস্কৃতি আৰু মূল্যবোধৰ ৰপ্তানিৰ ওপৰত নিষেধাজ্ঞা” হ’ব।

আমেৰিকা যুক্তৰাষ্ট্ৰত বিদেশী বিনিয়োগ সম্পৰ্কীয় আমেৰিকা যুক্তৰাষ্ট্ৰৰ সমিতিয়ে (চিএফআইইউএছ) ২০২০ চনত সৰ্বসন্মতিক্ৰমে বাইটডান্সক টিকটক বিক্ৰী কৰাৰ পৰামৰ্শ দিয়ে টিকটকৰ দ্বাৰা আমেৰিকান ব্যৱহাৰকাৰীৰ তথ্য চীন চৰকাৰলৈ প্ৰেৰণ কৰিব পৰাৰ আশংকা আছিল।

টিকটকে তথ্য সুৰক্ষাৰ প্ৰয়োজনীয়তাৰ সন্দৰ্ভত দুবছৰৰো অধিক সময় ধৰি আলোচনা কৰি আছে বুলি এপটোৰ তৰফৰ পৰা স্পষ্ট কৰা হৈছে । টিকটকে কয় যে ই কঠোৰ তথ্য সুৰক্ষা প্ৰচেষ্টাত ১.৫ বিলিয়ন ডলাৰতকৈও অধিক ব্যয় কৰিছে৷ লগতে টিকটকে নিজৰ ওপৰত উত্থাপিত গুপ্তচৰৰ অভিযোগো নাকচ কৰিছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments