তিনিচুকীয়া জিলা সমিতিৰ উপ সভাপতি চিপ্ৰিয়ান খালখ্ই ইতিমধ্যে এগৰাকী নাৱালিকাক যৌন নিৰ্যাতন কায্যত অভিযোক্ত হোৱা সহ শিক্ষক বিশ্ৰাম নাগ ক গাড়ীত উঠাই পলোৱাই দিয়াৰ যি অভিযোগ উত্থাপন হোৱা বিষয়টো আছা কেন্দ্ৰীয় সমিতিয়ে গুৰুত্ব সহকাৰে লৈছে আৰু উক্ত ঘটনা তদন্ত কৰিবলৈ উপ সভাপতি ডেভিদ তিৰ্কী যুটীয়া সম্পাদক ৰুহান ভূমিজ আৰু সাংগঠনিক সম্পাদক নিতিশ গড়ক লৈ এক তদন্ত সমিতি গঠন কৰা হৈছে ৷
তদন্ত সমিতিক এক মাহৰ ভিতৰত তদন্তৰ প্ৰতিবেদন কেন্দ্ৰীয় ভাৰপ্ৰাপ্ত সভাপতিক জমা দিবলৈ আহ্বান জনোৱা হল ৷ তদন্ত প্ৰক্ৰিয়া শেষ নোহোৱা পয্যন্ত জিলা উপ সভাপতি চিপ্ৰিয়ান খালখক সামূহিক অব্যাহতি দি সাংগঠনিক কাম কাজৰ পৰা বিৰত থাকিবলৈ আহ্বান জনোৱা হল ৷
লগতে অভিযোক্ত বিশ্ৰাম নাগক শীঘ্ৰে কৰায়ক্ত কৰি কঠোৰতকৈ কঠোৰ শান্তি প্ৰদান কৰিবলৈ সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা) কেন্দ্ৰীয় সমিতিয়ে প্ৰশাসনক দাবী জনাইছে ৷
