তিনিচুকীয়া, ২০আগষ্ট: মাকুম তিনিচুকীয়া অট সন্থাৰ উদ্যোগত কলকাতাত দলবব্ধ ধৰ্ষনেৰে হত্যাৰ বলি হোৱা চিকিৎসক গৰাকীৰ হত্যাকাণ্ডৰ উচিত ন্যায় বিচাৰি আৰু আত্মাৰ সদগতি কামনাৰ্থে বন্তি প্ৰজ্বলন ।
ধৰ্ষিতাক ন্যায় প্ৰদান কৰাৰ লগতে দোষীক কঠোৰতম শাস্তি প্ৰদান কৰিবলৈ দাবী উত্থাপন।
v/o: দেশ কঁপাই যোৱা কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালৰ চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাকাণ্ড । ধৰ্ষিতা হোৱা চিকিৎসক গৰাকীৰ ন্যায় বিচাৰি সমগ্ৰ দেশত ধাৰাবাহিক প্ৰতিবাদ অব্যাহত আছে তাৰ সমান্তৰাল ভাৱে মাকুমত মঙ্গলবাৰে সন্ধ্যা মাকুম তিনিচুকীয়া অটো সন্থা আৰু মাকুমৰ ৰাইজৰ সহযোগত চিকিৎসক গৰাকীৰ দলবব্ধ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ উচিত ন্যায় বিচাৰি আৰু আত্মাৰ সদগতি কামনাৰ্থে মাকুম ট্ৰেফিক পইণ্টত বন্তি প্ৰজ্বলন কাৰ্যসূচী হাতত লয় । তাৰ পাছতে তেখেতৰ বিদেহ আত্মাৰ সদগতিৰ কামনাৰে বন্তি প্ৰজলন কৰি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপণ কৰে । আজিৰ এই শ্ৰদ্ধানজলি অনুষ্ঠানৰ পৰা তিনিচুকীয়া অত চালক সন্থাই এনে জঘন্য হত্যাকাণ্ডৰ তীব্র বিৰোধীতা কৰে লগতে এই ধৰ্ষণ আৰু হত্যাকাণ্ডৰ লগত জড়িত থকা নৰপিকাশ কেইটাক কঠোৰকৈও কঠোৰতম শাস্তি প্ৰদান কৰিবলৈ আহ্বান জনাই ।
অন্যহাতে মাকুম ট্ৰেফিক পুলিচৰ কৰ্মী সকলেও উক্ত কাৰ্যসূচীত বন্তি প্ৰজ্বলন কৰি স্বৰ্গীয় মৌমিতা দেবনাথলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।
