ডিজিটেল ডেস্ক, ANEWS24X7: আজি হেঁপাহৰ ভোগালী বিহু ৷ অসমীয়া বাপতি সাহোন ভোগালী বিহুকলৈ ৰাজ্যৰ চৌদিশে এতিয়া আনন্দৰ বতৰ ৷
প্ৰতিজন চহা অসমীয়াই অতি উলহ-মালহেৰে আয়োজন কৰিছে ভোগৰ উৎসৱ ভোগালী ৷ পুহ আৰু মাঘৰ সংক্ৰান্তিৰ দিনাখন উদযাপন কৰা হয় এই বিহু ৷
উৰুকাৰ নিশা সকলোৱে এসাঁজ খোৱাৰ পিছত পুৱা মাঘৰ মেজি জ্বলাই ভগৱানৰ ওচৰত অশীৰ্বাদ লয় ৷ মেজিৰ জুইত মাতি মাহ, মগু, পিঠা, চাউল, ঘিঁউ আদি জুইত আগবঢ়াই সকলোৱে অগ্নিক সেৱা কৰে। মাঘৰ প্ৰথমটো পুৱাত সূৰ্য্য মকৰ ক্ৰান্তি ৰেখাৰ ওচৰলৈ যায় বাবে এই সংক্ৰান্তিৰ বিহু বা দোমাহীক মকৰ সংক্ৰান্তি বুলিও কোৱা হয়।
ভোগালী বিহু ভোগৰ উৎসৱ ৷ ভোগালীত পিঠা-পনা , লাৰু , বিভিন্ন প্ৰকাৰৰ জলপান , মাছ মাংসৰে ভৰি পৰে প্ৰতিজন অসমীয়াৰ ঘৰ ৷ এই সময়চোৱাত খেতি চপোৱাৰ পিছত , শস্যৰে উপচি পৰে প্ৰতিজন কৃষকৰ ভড়াল ৷ এই শস্যৰে সকলোৱে মিলি লগে-ভাগে এসাঁজ খাই উদযাপন কৰা হয় ভোগালী বিহু ৷
মাঘৰ বিহুৰ লগত অতীতৰ পৰা জড়িত হৈ আছে কিছু পৰম্পৰা ৷ বিহুৰ দিনা জ্যেষ্ঠ জনৰ চৰন চুই আশীৰ্বাদ লোৱা হয় ৷ পৰম্পৰা ৰক্ষা কৰি মাঘৰ বিহুৰ দিনাখন কণী যুঁজ, ম’হ যুঁজ, কুকুৰা যুঁজ, বুলুবুলি চৰাইৰ যুঁজ আদি অনুষ্ঠিত কৰা হয় ৷ পিছে এতিয়া কিছু আইনী বাধ্য বাধকতাৰ বাবে ম’হৰ যুঁজকে আদি কৰিছো খেল বন্ধ কৰা হৈছে ৷