ডিজিটেল ডেস্ক, ANEWS24X7: আজি ভোগালীৰ উৰুকা ৷ কাইলৈ হেঁপাহৰ ভোগালী বিহু ৷ ভোগৰ ভোগালীক আদৰিবলৈ সাজু ৰাজ্যবাসী ৷ সমগ্ৰ অসমবাসীয়ে অতি উলহ–মালহেৰে ভোগালী বিহুৰ বাবে প্ৰস্তুতি চলাইছে।
মহিলাসকলে লাৰু, পিঠা বনোৱাৰ পৰা আৰম্ভ কৰি যুৱকসকলৰ ভেলাঘৰ নিৰ্মাণেৰে অসমবাসী এতিয়া সাজু হৈছে মাঘ বিহু উদযাপন কৰিবলৈ। ভোগালী পৰম্পৰা ৰক্ষা কৰি প্ৰতিবছৰৰ দৰে এইবছৰো ভোগালীৰ উন্মাদনা ৰাজ্যবাসীৰ মাজত ৷
উৰুকাৰ পুৱা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মাছৰ বজাৰত গ্ৰাহকৰ ভিৰ ৷ ৰৌ, বৰালী , ভকোৱা , চিতল , আৰি আদি ডাঙৰ ডাঙৰ মাছেৰে ভৰি পৰিছে ৰাজ্যৰ মাছ ৰজাৰ সমূহ ৷
বজাৰত মাছ ক্ৰয় কৰিবলৈ উৰুকাৰ পুৱাই ভিৰ কৰিছে গ্ৰাহকে ৷ উৰুকাৰ নিশা এসাজ খাবলৈ পুৱাৰে পৰা প্ৰস্তুতি ৷
আনহাতে ঢেঁকী হালত ঢেঁকীৰ গুমগুমনি ৷ চিৰা,পিঠা খুন্দাত ব্যস্ত গাভৰু-বোৱাৰী সকল ৷ বনাইছে বিধে-বিধে, পিঠা, লাৰু ,জলপান ৷ ভোগালীত খাদ্য সম্ভাৰেৰে উভৈনদী হৈ পৰিছে প্ৰতিঘৰ ৷ উৰুকাৰ নিশা লগে ভাগে এসাজ খাবলৈ চলিছে ব্যাপক প্ৰস্তুতি ৷
হাঁহে-মাহে , মাছে-মঙহে এসাজ খাবলৈ সাজু হৈছে ৰাজ্যবাসী ৷ইতিমধ্যে গ্ৰামাঞ্চলত সাজি উলিওৱা হৈছে মেজি ঘৰ ৷ গাঁৱৰ ডেকা সকলে আটক ধুনিয়াকৈ সাজি তুলিছে মেজি ঘৰ সমূহ ৷