ডিজিটেল ডেস্ক, ANEWS24X7: আজি ১৪ নৱেম্বৰ । আজি দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিন । শিশু সকলৰ প্ৰতি পণ্ডিত জৱাহৰলাল নেহৰুৰ আছিল বিশেষ প্ৰীতি । শিশু সকলে পণ্ডিত নেহৰুক সম্বোধন কৰিছিল ”নেহৰু চাচ’’ বুলি ।
আজিৰ শিশু কাইলৈ দেশৰ ভৱিষ্যত । প্ৰত্যেক গৰাকী শিশু একো একোটা মানৱ সম্পদ, দেশৰ ভৱিষ্যত । এইয়াকে মূলমন্ত্ৰ হিচাপে লৈ প্ৰতিবছৰে ১৪ নৱেম্বৰ দিনটোত সমগ্ৰ দেশতে শিশু দিৱস হিচাপে পালন কৰা হয় ।
১৯৬৪ চনত ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰ লাল নেহৰুৰ মৃত্যুৰ পিছত ভাৰতীয় সংসদত এক প্ৰস্তাৱ গৃহীত কৰি তেওঁৰ জন্ম দিনটো শিশু দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল । ১৯৬৪ চনৰ পৰা ১৪ নৱেম্বৰ দিনটো সমগ্ৰ দেশতে প্ৰতি বছৰে শিশু দিৱস হিচাপে পালন কৰি অহা হৈছে ।
আজিৰ দিনটো শিশু দিৱস হিচাপে পালন কৰাৰ মূল উদেশ্য হৈছে , দেশৰ শিশু সকলৰ প্ৰয়োজনীয়তা চিনাক্ত কৰা । শিশু সকলৰ অধিকাৰ সুৰক্ষিত কৰা , তেওঁলোকৰ বিৰুদ্ধে চলা শোষণ বন্ধ কৰা আৰু শিশু সকলৰ সঠিক বিকাশৰ বাবে কাম কৰা ।
উল্লেখ্য যে ১৯৬৪ চনৰ পূৰ্বে দেশত ৰাষ্ট্ৰসংঘই ঘোষণা কৰা ২০ নৱেম্বৰ দিনটো বিশ্ব শিশু দিৱস হিচাপে পালন কৰা হৈছিল । ১৯৬৪ চনৰ ২৭ মে’ তাৰিখে ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰ লাল নেহৰুৰ মৃত্যুৰ পিছত তেখেতক সন্মান জনাই আৰু শিশু সকলৰ প্ৰতি থকা তেওঁৰ প্ৰেম-ভাল পোৱাৰ প্ৰতি শ্ৰদ্ধা জনাই সমগ্ৰ ভাৰতত ১৪ নৱেম্বৰ দিনটোত শিশু দিৱস হিচাপে পালন কৰি অহা হৈছে ।