Sunday, July 6, 2025
Homeঅসমআজি ধেমাজিয়ে কান্দিছে!

আজি ধেমাজিয়ে কান্দিছে!

ডিজিটেল ডেস্ক, anews24x7: সেইদিনা আছিল ২০০৪ ৰ ১৫ আগষ্ট। স্বাধীনতা দিৱসৰ পেৰেডত অংশগ্ৰহণ কৰিবলৈ আহিছিল ছাত্ৰ-ছাত্ৰীসকল। আৰু সেই সময়তেই ঘটিল অঘটন। ধেমাজি মহাবিদ্যালয়ৰ খেল পথাৰত ভয়ংকৰ বোমা বিস্ফোৰণ । শিশু, অভিভাৱকসহ ১৮ জনৰ মৃত্যু হৈছিল। এই বিস্ফোৰণৰ সৈতে সংযুক্ত মুক্তি বাহিনী অসম চমুকৈ আলফা জড়িত আছিল। আলফাই এই দায়িত্ব তেতিয়াও স্বীকাৰ কৰিছিল, আজিও কৰিছে। কিন্তু ধেমাজিৰ বিস্ফোৰণৰ বাবে আজি কোনো দোষী নহয় ! আজি ন্যায়ালয়ে প্ৰদান কৰা ৰায়ে অন্ততঃ সেই কথাকেই কয়। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়ত সেই কথাই প্ৰমাণ হ’ল।

২৪ আগষ্ট ২০২৩, বৃহস্পতিবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে ধেমাজি সত্ৰ ন্যায়াধীশৰ ৰায় প্ৰত্যাহাৰ কৰি ধেমাজি বিস্ফোৰণৰ সৈতে জড়িত থকাৰ অভিযোগত যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত ৪ জন ব্যক্তিৰ লগতে ৪ বছৰৰ কাৰাদণ্ডৰে দণ্ডিত আন ২ জন ব্যক্তিক দোষমুক্ত ঘোষণা কৰিছে।

 

এই আটাইকেইজনৰ বিৰুদ্ধে তদন্তকাৰী বিষয়াই উপযুক্ত তথ্য প্ৰমাণ দাখিল কৰিব নোৱাৰাৰ বাবেই উচ্চ ন্যায়ালয়ে দোষমুক্ত ঘোষণা কৰিছে। এই ৰায়ৰ পাছতে আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াও সংবাদ মাধ্যমৰ আগত ক’লে-‘তদন্তকাৰীসকলে সঠিক তথ্য-প্ৰমাণ জমা দিব নোৱাৰা বাবে দোষমুক্ত হ’ল আটাইকেইজন’।

অনুপ চেতিয়াই সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, ধেমাজি বোমা বিস্ফোৰণৰ ঘটনাক লৈ আমি দুখিত। এয়া এক ঘৃণনীয় কাম আছিল। সেই সময়ত মই বাংলাদেশৰ কাৰাগাৰত আছিলো। তেতিয়াও মই কৈছিলোঁ যে এয়া খুব গৰ্হিত কাম হৈছে। উচ্চ ন্যায়ালয়ে দিয়া ৰায়ক আমি সন্মান জনাইছোঁ। তদন্তকাৰীসকলে সঠিক তথ্য-প্ৰমাণ জমা দিব নোৱাৰা বাবে দোষমুক্ত হ’ল আটাইকেইজন।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments