ডিজিটেল ডেস্ক, ANEWS24X7: আজি ধনতেৰাছ ৷ দীপাৱলীৰ দুদিন পূৰ্বে প্ৰতিবছৰে ভাৰতীয় লোক সকলে ধনতেৰাছ পালন কৰি আহিছে ৷ ধনতেৰাছ প্ৰতিজন ভাৰতীয়ৰ বাবে অতি গুৰুত্বপূৰ্ণ ৷ জনবিশ্বাস অনুসৰি আজিৰ দিনটোত মা লক্ষ্মীক পূজা অৰ্চনা কৰিলে ঘৰলৈ লক্ষ্মীৰ আগমন ঘটে ৷
কাতি মাহৰ কৃষ্ণ পক্ষৰ ত্ৰয়োদশ তিথিৰ দিনটোত ধনতেৰাছ উদযাপন কৰা হয়। মান্যতা অনুসৰি ধনতেৰাছ দিনা সম্পতি ক্ৰয় কৰাটো শুভ বুলি ধৰা হয় ৷ বিশেষকৈ সোণ বা ৰূপৰ অংলংকাৰ ক্ৰয় কৰা হয় ৷ ঠাই বিশেষে কাহ পিতলৰ বাচন-বৰ্তন ক্ৰয় কৰাৰ লগতে অন্যান্য সামগ্ৰী ক্ৰয় কৰাৰ পৰম্পৰা আছে ৷
২২ অক্টোবৰৰ সন্ধিয়া ৬.০২ বজাৰ পৰা ত্ৰয়োদশী তিথি আৰম্ভ হ’ব আৰু ২৩ অক্টোবৰৰ সন্ধিয়া ৬.০৩ বজাত ত্ৰয়োদশী তিথি অন্ত পৰিব ৷ এই সময়চোৱাত মা লক্ষীক আৰু কুবেৰক পূজা কৰিলে আৰু সোন-ৰূপৰ আ-অলংকাৰ ক্ৰয় কৰিলে শুভ ফল লাভ কৰিব পৰা যায় বুলি বিশ্বাস কৰা হয় ৷