Thursday, November 7, 2024
Homeঅসমআজি গোসাঁই বিহু

আজি গোসাঁই বিহু

ডিজিটেল ডেস্ক, ANEWS24X7:

হাইঐ দিখৌত গুমেগুমাই কোম্পানীৰ জাহাজখন
অ’ ঢেকীত গুমেগুমাই ঐ থোৰা।
গাতে জুই জ্বলিছে সৰিয়হ ফুটিছে ঐ
অ’ বিহুটি অহাৰে পৰা॥

ব’হাগৰ মাহ মানেই যেন গোটেই মাহটোৱেই বিহু। চ’তৰ মানহৰ শেষৰ দিনটোৰ পৰা সাতদিনীয়াকৈ ৰাজ্যজুৰি পালন কৰা হয় ৰঙালী বিহু। গৰু বিহুৰ পৰা আৰম্ভ কৰি মানুহ বিহু, গোসাঁই বিহু, তাঁতৰ বিহু, নাঙলৰ বিহু, জীয়ৰী বা চেনেহী বিহু আৰুচেৰা বিহু এই সাত বিহু পালন কৰা হয় ৰাজ্যত।

আজি ব’হাগৰ ২ তাৰিখ অৰ্থাৎ গোসাঁই বিহু বা কুটুম বিহু। ঠাইভেদে আজিৰ দিনটোৰ বিহুৰ নাম ভিন ভিন। কোনো কোনো ঠাইত আজি গোসাঁই বিহুত নামঘৰত নাম-কীৰ্তন কৰে । কোনো ঠাইট কুটুম বিহু বিচাপে আলহী অতিথিৰ আদৰ সেৱা কৰিব। ইপিনে মন্দিৰ-নামঘৰত ৰাইজ একগোট গৈ সকলোৰে মংগল কামনা কৰিব আজিৰ দিনটোত। ৰাজ্যৰ ভিভিন্ন নামঘৰত আজি ডবা, বৰতাল আদি বজাব। নাম কীৰ্তন গাব।

নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাব। মাহ-প্ৰসাদ খায় ।আনহাতে এই দিনা জী-জোঁৱাইসকল মাকহঁতৰ ঘৰলৈ যাব। ইষ্ট-কুটুম্বই পৰস্পৰে পৰস্পৰক আদৰ আৰু সেৱা-সৎকাৰ কৰিব।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments