ডিজিটেল ডেস্ক, A NEWS 24×7 : আজি আন্তৰ্জাতিক নাৰী দিৱস। মমতাময়ী, কৰুণাময়ী, সহনশীল, ধৈৰ্য্যশীল, ত্যাগৰ প্ৰতীক বুলি কোৱা হয় নাৰীক ৷
ৰাষ্ট্ৰসংঘই নাৰীসকলক বিশেষ স্বীকৃতি দিবলৈ আৰু বিশ্ব মঞ্চত তেওঁলোকৰ কৃতিত্বৰ ওপৰত আলোকপাত কৰিবলৈ ১৯০৮ চনৰ পৰাই সমগ্ৰ বিশ্বজুৰি পালন কৰি আহিছে আন্তৰ্জাতিক নাৰী দিৱস। কিন্তু, এক নিৰ্দিষ্ট বিষয়বস্তৰ অধীনত আন্তৰ্জাতিক নাৰী দিৱস উদযাপনৰ পৰম্পৰা আৰম্ভ হৈছিল ১৯৯৬ চনত। তেতিয়াৰে পৰা প্ৰত্যেক বছৰে এচা সুকীয়া বিষয় বস্তুৰে আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰে।
২০২৩ বৰ্ষৰ আন্তৰ্জাতিক নাৰী দিৱসৰ বাবে এক বিশেষ বিষয়বস্তু প্ৰস্তুত কৰিছে। যাৰ উদ্দেশ্য হৈছে লিংগ সমতা সৃষ্টি কৰা আৰু সকলো নাৰীক অধিক শক্তিশালী কৰি তোলা । ইয়াৰ বাবে নতুন ডিজিটেল যুগত উদ্ভাৱন আৰু প্ৰযুক্তিগত পৰিৱৰ্তনৰ শিক্ষা প্ৰয়োজনীয় ।
২০২৩ বৰ্ষৰ ৰাষ্ট্ৰসংঘৰ আন্তৰ্জাতিক নাৰী দিৱসৰ বিষয়বস্তু হৈছে, ‘ডিজিটেল : লিংগ সমতাৰ বাবে উদ্ভাৱন আৰু প্ৰযুক্তি।