Thursday, November 7, 2024
Homeঅসমআজি নাঙল বিহু

আজি নাঙল বিহু

ডিজিটেল ডেস্ক ANEWS24X7:

 

তিতা ধানখেৰৰ ছাই সমনীয়া তিতা ধানখেৰৰ ছাই ;

অতি চেনেহৰ বহাগৰ বিহুটি হাততে মলঙি যায়।।

বসন্তৰ আগমণত উদযাপন কৰা বহাগ বিহু বা ৰঙালী বিহু, অসমৰ মূল উৎসৱ বিহু । বসন্তৰ আগমনীত যেতিয়া প্ৰকৃতি নতুন ৰূপৰে জিলিকি উঠে, তেতিয়া চহা ৰাইজে জীৱন উপভোগ কৰিবলে আগবাঢ়ি আহে। অসমীয়াৰ আদৰৰ সাত বিহুৰ পঞ্চম দিনা চহা খেতিয়কে উদযাপন কৰে নাঙল বিহু। জনবিশ্বাস অনুসৰি আজিৰ দিনটোতে মহাদেৱ শিৱই প্ৰথম হাল জুৰিছিল।

হাগ বিহু সাত দিন পালন কৰা হয় যাক আমি সাত বিহু হিচাপে পালন কৰো ৷ এই সাত বিহুৰ পঞ্চম দিনা নাঙলৰ বিহু হিচাপে আজিৰ দিনটোত সমগ্ৰ ৰাজ্যজুৰি পালন কৰা হয় ৷সমগ্ৰ ৰাজ্যজুৰি উলহ-মালহেৰে নাঙল বিহুৰ পৰম্পৰা পালন কৰা দেখা যায় ৷আজি দিনটোত কৃষি প্ৰধান ৰাইজে নিজৰ অসমীয়া জাতিৰ পৰম্পৰা ৰক্ষা কৰি নাঙল বিহু পালন কৰে ৷

নাঙল বিহুৰ তাৎপৰ্য হ’ল ব’হাগ বিহুৰ ৰং-ৰহইচৰ অন্তত পথাৰ উপচোৱা বৰষুণজাকৰ সৈতে খেতিৰ বাবে পথাৰত নমাৰ পূৰ্বে কৃষিকাৰ্যত ব্যৱহাৰ হোৱা সা-সজুঁলিসমূহৰ ওচৰত চাকি বন্তি জ্বলাই বছৰটোৰ সমৃদ্ধি কামনা কৰে৷ নাঙল, যুঁৱলি, জাপি, মৈ আদি কৃষিকৰ্মৰ লগত জড়িত সজুঁলি সমূহৰ ওচৰত চাকি-ধূপ জ্বলাই সেৱা জনাই সমগ্ৰ ৰাজ্যজুৰি পালন কৰা হয় নাঙলৰ বিহু ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments