ডিজিটেল ডেস্ক, ANEWS24X7: আজি নেচনেল কেডেট কৰ্পছ দিৱস ৷ ১৯৪৮ চনত প্ৰতিষ্ঠা কৰা হৈছিল নেচনেল কেডেট কৰ্পছ চমুকৈ এনচিচি ৷ আজি সমগ্ৰ দেশতে উদযাপন কৰা হৈছে ৭৪ সংখ্যক এনচিচি দিৱস ৷ প্ৰতিবছৰে নৱেম্বৰ মাহৰ চতুৰ্থটো দেওবাৰত এনচিচি দিৱস হিচাপে উদযাপন কৰা হয় ৷ দেশ স্বাধীন হোৱাৰ পিছত ১৯৪৮ চনত স্কুলীয়া ছাত্ৰ-ছাত্ৰী সকলক সামৰিক প্ৰশিক্ষণ আৰু শাৰীৰিক শিক্ষা প্ৰদান কৰিবলৈ আৰম্ভ কৰা হৈছিল এনচিচি ৷
নেচনেল কেডেট কৰ্পছ হৈছে ভাৰতৰ সৰ্ববৃহৎ যুৱ সংগঠন ৷ ই ভাৰতীয় সেনাৰ সৈতে সম্পৰ্কিত এক স্বেচ্ছাসেৱা সংগঠন ৷ বৰ্তমান ইয়াত প্ৰায় ১.২ নিযুত কেডেট আছে ৷ নেচনেল কেডেট কৰ্পছ হৈছে ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ৰ দ্বাৰা পৰিচালিত কৰা এক বিধিবদ্ধ যুৱ সংগঠন। ভাৰতীয় সেনা আৰু নৌসেনাৰ সহায়ক শৈক্ষিক সংগঠন হিচাপে ভাৰত চৰকাৰে জাৰী কৰা অধ্যাদেশৰ দ্বাৰা ১৯৪৮ চনৰ ১৫ জুনত এনচিচি আনুষ্ঠানিকভাৱে প্ৰতিষ্ঠা কৰা হৈছিল।
এন.চি.চি.ৰ লক্ষ্য উদ্দেশ্য হৈছে সমাজক, শাৰীৰিক, বৌদ্ধিক আৰু নৈতিকভাৱে বিকাশ কৰা ৷ নাগৰিকক দায়বদ্ধতা আৰু সমাজ সেৱাৰ অনুভূতিৰে এক ব্যক্তিত্ব সৃষ্টি কৰা। ই যুৱসকলৰ মাজত ৰাষ্ট্ৰীয় একত্ৰীকৰণ, একতা আৰু সামাজিক সম্প্ৰীতি বৃদ্ধি কৰে। এনচিচিৰ মূলমন্ত্ৰ হৈছে “একতা আৰু অনুশাসন।” ইয়াৰ উদ্দেশ্য হৈছে কৰ্তব্যৰ প্ৰতি ভক্তি, আনুগত্য, নিষ্ঠা, অনুশাসন আৰু আত্মত্যাগৰ দৰে গুণবোৰ শিকোৱা।
এনচিচিয়ে শিক্ষাৰ্থীসকলক ভৱিষ্যতৰ নাগৰিকত্বৰ বাবে প্ৰস্তুত কৰে আৰু সকলো পৰিস্থিতিত নেতৃত্ব, সহযোগিতা, আত্ম-অনুশাসন, দেশপ্ৰেম আৰু সেৱাৰ প্ৰতি সমৰ্পণ বিকাশৰ বাবে প্ৰশিক্ষণ দিয়ে। এনচিচিত কেডেটসকলক ড্ৰিল, আনুষ্ঠানিক পদযাত্ৰা আৰু ফায়াৰিং অনুশীলনৰ উপৰিও শাৰীৰিক সুস্থতাৰ বিভিন্ন দিশ যেনে সহনশীলতা, শক্তি, গতি, আৰু ক্ষিপ্ৰতা শিকোৱা হয়।
এনচিচি হৈছে দেশৰ যুৱপ্ৰজন্মৰ বাবে নিস্বাৰ্থ সেৱাৰ মনোভাৱ বিকাশৰ বাবে মুখ্য প্ৰশিক্ষণ ক্ষেত্ৰ। ই হৈছে ভাৰতৰ সৰ্ববৃহৎ যুৱ সংগঠন আৰু ইয়াৰ লক্ষ্য হৈছে চৰিত্ৰ, নেতৃত্বৰ গুণাগুণ আৰু ৰাষ্ট্ৰীয় একত্ৰীকৰণ গঢ়ি তোলা।