Tuesday, July 8, 2025
Homeঅসমআজি ৰাষ্ট্ৰীয় একতা দিৱস, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ফ্লেগ অফ কৰে একতাৰ...

আজি ৰাষ্ট্ৰীয় একতা দিৱস, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ফ্লেগ অফ কৰে একতাৰ দৌৰ কাৰ্যসূচীৰ

ডিজিটেল ডেস্ক, ANEWS24X7: আজি ৰাষ্ট্ৰীয় একতা দিৱস। লৌহ মানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ জন্মতিথি উপলক্ষে ৩১ নৱেম্বৰৰ দিনটোত সমগ্ৰ দেশতে একতা দিৱস হিচাপে পালন কৰা হয়। স্বাধীনতা আন্দোলনত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ উপৰিও দেশৰ সংহতি ৰক্ষা আৰু দেশৰ একতা ৰক্ষাৰ বাবেও যথেষ্ট অৱদান আগবঢ়াইছিল চৰ্দাৰ বল্লভভাই পেটেলে। সেয়েহে আজিৰ দিনটো তেওঁৰ জন্ম তিথি উপলক্ষে ৰাষ্ট্ৰীয় একতা দিৱস হিচাপে পালন কৰা হয়।

ভাৰত-পাকিস্তানৰ বিভাজনৰ সময়ত ৰাজনৈতিক সংহতিৰ বাবে লোৱা স্থিতিৰ বাবেই তেওঁ ‘চৰ্দাৰ’ খিতাপ লাভ কৰিছিল। তাৰ পাছতেই স্বাধীনতা আন্দোলনৰ সময়ত ব্ৰিটিছৰ বিৰুদ্ধে সকলোকে মাৰ বান্ধি থিয় হ’বলৈ সন্মত কৰোৱাৰ বাবেই তেওঁক ‘লৌহ পুৰুষ’ আখ্যা দিয়া হৈছিল।

নেতাগৰাকীৰ স্মৃতিত কেন্দ্ৰীয় চৰকাৰে গুজৰাটৰ নৰ্মদা নদীৰ ওপৰত পৃথিৱীৰ সৰ্বোচ্চ প্ৰতিমূৰ্তিটো নিৰ্মাণ কৰিছিল। তাৰ পাছৰে পৰাই ৰাষ্ট্ৰীয় একতা দিৱসৰ দিনা এই প্ৰতিমূৰ্তিটোত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী মোডীয়ে। আজি ৰাতিপুৱা প্ৰতিমূৰ্তিটোত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে।

একতা দিৱস উপলক্ষে কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ বিভাগৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই একতাৰ দৌৰ কাৰ্যসূচীৰ ফ্লেগ অফ কৰে ।উক্ত অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী ইউ জি ব্ৰহ্ম, সাংসদ ভুৱনেশ্বৰ কলিতা, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ যুৱক-যুৱতীসকলক চৰ্দাৰ বল্লভভাই পেটেলৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ দেশৰ অখণ্ডতাৰ ভেটি অধিক সুদৃঢ়কৰণত অৰিহণা যোগাবৰ বাবে নিজকে আত্মনিয়োগ কৰিবলৈ আহ্বান জনাই ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments