Thursday, November 7, 2024
Homeঅসমহৰি নামৰ ধ্বনিৰে মুখৰি সত্ৰ-নামঘৰ

হৰি নামৰ ধ্বনিৰে মুখৰি সত্ৰ-নামঘৰ

ডিজিটেল ডেস্ক, anews24x7: মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ ৫৩৫ সংখ্যক আজি আৱিৰ্ভাৱ মহোৎসৱ ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সত্ৰ-নামঘৰৰ সমান্তৰালকৈ গুৰুজনাৰ জন্মস্থান নাৰায়ণপুৰতো বিভিন্ন ধাৰ্মিক কাৰ্যসূচীৰ মাজেৰে উদযাপন ৷

দুদিনীয়া কাৰ্যসূচীৰে বঢ়াৰ-পো মাধৱদেৱৰ জন্মস্থানত আয়োজিত জন্মোৎসৱ উদযাপন । আজি দ্বিতীয় তথা অন্তিম দিন ৷ ঊষাকীৰ্তন, গছপুলি ৰোপন, ধৰ্মধ্বজা উত্তোলনৰ পাছতে লেতেকুপুখুৰী থানত নিয়মীয়া নাম প্ৰসংগ অনুষ্ঠিত হয়।

ইমানেই নহয় ন কুৰি ভকতে নাম-প্ৰসংগত অংশগ্ৰহণ কৰে ৷ শ্ৰীশ্ৰী মাধৱদেৱৰ জন্মস্থানৰ দুখন থান ৰঙাজান আৰু লেতেকুপুখুৰীৰ সমূহ ভকত-বৈষ্ণৱ একত্ৰিত হৈ এইবাৰ গুৰুজনাৰ জন্মোৎসৱ উদযাপন কৰে ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments