গোৱালপাৰাৰ পৰা চিন্টু নাথৰ প্ৰতিবেদন:গোৱালপাৰাত আজি জননেতা পদ্মবিভূষণ প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ জন্মতিথি উপলক্ষে গোৱালপাৰা জিলা “গৌৰৱ গগৈ ফেনছ ক্লাৱ” ৰ উদ্যোগত আৰু জিলা যুৱ কংগ্ৰেছৰ সহযোগত জিলা অসামৰিক চিকিৎসালয়ত এক ৰক্তদান শিবিৰৰ আয়োজন কৰা হয় আৰু লগতে ভালুকডুবি ৰাজীৱ ভৱনত থকা তৰুণ গগৈৰ আবক্ষ মূৰ্তিত শ্ৰদ্ধাঞ্জলি অৰ্পণ আৰু বন্তি প্ৰজ্বলন কাৰ্য্যসূচীৰ আয়োজন কৰে । আজিৰ এই অনুষ্ঠানত অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ ৰাজ্যিক উপ সভাপতি ৰাকেশ চক্ৰৱৰ্তী ৰাজ্যিক সম্পাদক আব্দুল আৱাল,জিলা যুৱ কংগ্ৰেছৰ সভাপতি চকিবুৰ ৰহমান,উপ সভাপতি জহিৰুল ইছলামৰ লগতে বিভিন্নজন নেতা কৰ্মী উপস্থিত থাকে ।