Friday, November 8, 2024
Homeঅসমআজি জননেতা ভীমবৰ দেউৰীৰ মৃত্যু তিথি

আজি জননেতা ভীমবৰ দেউৰীৰ মৃত্যু তিথি

ডিজিটেল ডেস্ক, ANEWS24X7: আজি জননেতা ভীমবৰ দেউৰীৰ মৃত্যু তিথি ৷ ১৯৪৭ চনৰ আজিৰ দিনটোতে মৃত্যু হৈছিল ৰাজ্যৰ এইগৰাকী মহান নেতাৰ ৷ শিৱসাগৰৰ পানীদিহিঙত গ্ৰহণ কৰা ভীমবৰ দেউৰী কটন কলেজ আৰু প্ৰেচিডেন্সি কলেজত উচ্চশিক্ষা গ্ৰহণ কৰিছিল ৷ আইনৰ শিক্ষা গ্ৰহণ কৰা দেউৰী জনসেৱাৰ লগত জড়িত আছিল ৷

১৯৩২ চনত অসম অসামৰিক সেৱাৰ পৰীক্ষাত ঊত্তীৰ্ণ হৈ অতিৰিক্ত সহায়ক আয়ুক্ত পদৰ বাবে নিৰ্বাচিত হৈছিল ভীমবৰ দেউৰী ।কিন্তু পিছপৰা জনগোষ্ঠীসমূহ চৰকাৰী চাকৰিৰ বাবে তালিকাভুক্ত নোহোৱা বাবে চাকৰিৰ পৰা বঞ্চিত হব লগা হৈছিল দেউৰী । সেইবাবে চাকৰিৰ বাসনা এৰি ডিব্ৰুগড় আদালতত ওকালতি জীৱন আৰম্ভ কৰিছিল দেউৰীয়ে ।

অসমৰ থলুৱা জনগোষ্ঠী সমূহক একত্ৰিত কৰি উন্নতিৰ ব্যৱস্থা কৰিলেহে অসমৰ উন্নতিয়ে পূৰ্ণতা পাব ৷ এই উদ্দেশ্য আগত ৰাখি ১৯৩৩ চনৰ ১৭ এপ্ৰিলত নগাঁও জিলাৰ ৰহাত অসমৰ সকলো জনগোষ্ঠাৰ এক সন্মিলন অনুষ্ঠিত কৰিছিল ৷ এই সন্মিলনতে ‘‘Assam Backward plains Tribal League’’ গঠন কৰিছিল ৷ ইয়াৰ জৰিয়তে পিছপৰা অসমৰ ভূমিপুত্ৰ জনজাতিসকলৰ আৰ্থ-সামাজিক উন্নতি সাধনেই আছিল এই লীগৰ প্ৰধান উদ্দেশ্য।

এই লিগৰ সভাপতি হিচাপে যাদৱচন্দ্ৰ খাখলাৰী আৰু সাধাৰণ সম্পাদক হিচাপে ভীমবৰ দেউৰী নিৰ্বাচিত হৈছিল। এই লীগৰ সাধাৰণ সম্পাদক হিচাপে ভীমবৰ দেউৰীয়ে একেৰাহে ১৩ বছৰ কাল কাৰ্য্যনিৰ্বাহ কৰিছিল । এই লীগৰ দাবীৰ প্ৰতি সহাঁৰি জনাই ভাৰত চৰকাৰে অসম বিধানসভাৰ ১০৮খন আসনৰ ৫খন আসন জনজাতিসকলৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰিছিল । ‘ট্ৰাইবেল লীগ’ৰ প্ৰচেষ্টাতে অসমৰ ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠী সমূহকো অনগ্ৰহৰ ভয়াম জনজাতিৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছিল ৷

১৯৩৯ চনত ট্ৰাইবেল লীগৰ বিধায়কসকলৰ অনুৰোধত আৰু প্ৰদেশ কংগ্ৰেছ দলৰ সৰ্বসন্মতি ক্ৰমে ভীমবৰ দেউৰীক অসম বিধান পৰিষদৰ সদস্য পদৰ বাবে মনোনীত কৰা হৈছিল । ১৯৪৬ চনত গোপীনাথ বৰদলৈৰ মন্ত্ৰীসভাত বন আৰু শ্ৰম বিভাগৰ মন্ত্ৰীৰুপে কাৰ্যনিৰ্বাহ কৰিছিল ।

গ্ৰুপিং ব্যৱস্থাৰ জৰিয়তে অসমক পূব পাকিস্তানৰ লগত অন্তৰ্ভুক্ত কৰিব খোজা ষড়যন্ত্ৰৰ তীব্ৰ বিৰোধিতা কৰিছিল ভীমবৰ দেউৰীয়ে । অসমক পাকিস্তানৰ সৈতে চামিল কৰাৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে ভীমবৰ দেউৰীয়ে ৰূপনাথ ব্ৰহ্ম, কাৰ্ক চন্দ্ৰ দলে, যাদৱ চন্দ্ৰ খাখলাৰী, খৰচিং তেৰাং আদি জনজাতীয় নেতা সকলক লগত লৈ মহম্মদ আলী জিন্না, লৰ্ড ৱাভেল আদিক সাক্ষাৎ কৰি ইয়াৰ বিৰুদ্ধে যুক্তি প্ৰদৰ্শন কৰিছিল।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments