ডিজিটেল ডেস্ক, ANEWS24X7:
‘অতিকৈ চেনেহৰ মুগাৰে মহুৰা
তাতোকৈ চেনেহৰ মাকো;
তাতোকৈ চেনেহৰ বহাগৰ বিহুটি
নেপাতি কেনেকৈ থাকো৷’
বিহু অসমৰ জাতীয় উৎসৱ। “বিহু”শব্দৰ উৎপত্তি আৰু বিকাশ সম্পৰ্কে বিভিন্ন জনে বিভিন্ন মত আগবঢ়ালেও এটা কথাত একমত প্রকাশ কৰি ক’ব পাৰি যে সংস্কৃত “বিষুৱৎ” শব্দৰ পৰা “বিহু” শব্দৰ উদ্ভৱ হৈছে। বিহু মূলতঃ ঋতুকালীন কৃষিভিত্তিক উৎসৱ। বছৰৰ ভিন ভিন সময়ত ভিন ভিন ঋতুত অসমীয়াই তিনিটা বিহু পালন কৰে। এই তিনিটা হ’ল ব’হাগ বিহু বা ৰঙালী বিহু, কাতি বিহু বা কঙালী বিহু আৰু মাঘ বিহু বা ভোগালী বিহু। ব’হাগৰ পহিলা তাৰিখে মানুহ বিহু। নামনি অসমত মানুহ বিহুৰ দিনাক “বৰ দোমাহী”বোলে। মানুহ বিহুৰ দিনা সকলোৱে গা-পা ধুই পৰিয়ালৰ সকলো একেলগ হয় আৰু সৰুৱে ডাঙৰক সেৱা কৰে আৰু ডাঙৰে সেইদৰে সৰুক আশীৰ্বাদ দিয়ে।
বোৱাৰীয়ে শহুৰ-শাহুক বটাত গামোচা, চেলেং চাদৰ আৰু তামোল-পাণ দি মানধৰি সেৱা কৰে আৰু বিহুৰ জলপান আগবঢ়ায়। তেওঁলোকে আশীৰ্বাদ দিয়াৰ উপৰিও যথসাধ্য উপহাৰ আগবঢ়ায়। ইপিনে বিহুত আত্মীয়-স্বজন, বন্ধু-বান্ধৱৰ মাজত আদান-প্ৰদান কৰা প্ৰতিটো উপহাৰকে “বিহুৱান”বোলা হয় যদিও বিহুৱান বুলিলে ঘাইকৈ গামোচাখনকে বুজায়। আমাৰ অসমীয়া সমাজত গামোচাখনৰ আদৰ আটাইতকৈ বেছি আৰু ইয়াৰ এক সুকীয়া মান-মৰ্য্যাদা আছে। “অতিকৈ চেনেহৰ ব’হাগৰ বিহুটি” অহাৰ আগতেই অৰ্থাৎ চ’তৰ পৰাই অসমীয়া জীয়ৰী-বোৱাৰীৰ “মৰমৰ দীঘেদি চেনেহৰ বাণীৰে”চেনেহৰ বিহুৱানখনি বৈ কাটি উলিয়াবলৈ গাত তৎ নাইকিয়া হয়।
কিয়নো বিহুৰ পিছত ব’বলৈ থকা কাপোৰ বা বিহুৱান “বিহুচেৰা” বুলি আখ্যা দিয়া হয় আৰু এই বস্ত্ৰ কোনো পুৰুষক দিব নাপায় বুলি বিশ্বাস কৰা হয়। অসমীয়া সমাজত ব’ব কাটিব নজনা তিৰোতাক অকাজী বা থুপৰী বুলি উপহাস কৰা দেখা যায়।বছৰৰ প্ৰথম দিনটোতে ব্ৰাহ্মণ দৈবজ্ঞৰ ওচৰত কৰ্মফল গণনা কৰি কিবা দোষ থাকিলে শান্তিৰ ব্যৱস্থা কৰা হয়। পহিলা ব’হাগৰ পৰাই অসমীয়া নতুন বছৰ আৰম্ভ হয়।