ডিজিটেল ডেস্ক, ১৭ জুনঃ প্ৰতিকুল বতৰৰ মাজতে ঈদক লৈ এতিয়া উখল – মাখল পৰিৱেশ। ঈদ উপলক্ষে বিভিন্ন প্ৰান্তত ইছলাম ধৰ্মাৱলম্বী লোক সকলে আজি পুৱা সমূহীয়া নামাজত অংশলৈ শান্তি সম্প্ৰীতিৰ কামনা কৰে। ইছলাম ধৰ্মাৱলম্বী লোকসকলে উলহ-মালহেৰে উদযাপন কৰিছে ত্যাগৰ উৎসৱ পবিত্ৰ ঈদ-উল-আজহা।
এই ঈদটোক ঈদ উজ জোহা বা কুৰবাণী ঈদ বুলি জনা যায়। ইব্ৰাহীমৰ আল্লাৰ প্ৰতি বিশ্বাস আৰু আনুগত্যৰ চিন স্বৰূপে সমগ্ৰ ইচলাম সমাজে এই ঈদ-উল-আজহা পালন কৰে। আল্লাহৰ প্ৰতি থকা বিশ্বাসৰ চৰম উদাহৰণ দাঙি ধৰি ইব্ৰাহীমে তেওঁৰ একমাত্ৰ পুত্ৰ ইচমাইলক আল্লাহৰ বাবে কুৰবাণী দিবলৈ আগবাঢ়িছিল।
এই চৰম বলিদানৰ ক্ষণকে স্মৰণ কৰি ঈদ-ঊদ-জোহা পালন কৰা হয় বুলি জনা যায়। পবিত্ৰ ঈদে সমাজলৈ সুখ, সমৃদ্ধি আৰু শান্তিৰ বতৰা যাতে কঢ়িয়াই আনে সকলোৱে তাৰেই কামনা কৰি পালন কৰিছে এই পৱিত্ৰ ঈদ-ঊদ-জোহা।