ডিজিটেল ডেস্ক ANEWS24X7: পদ্ম বঁটা-২০২৩ৰ বাবে গ্ৰহণ কৰি থকা হৈছে অনলাইন আবেদন ৷দেশৰ সৰ্বোচ্চ অসামৰিক বঁটা পদ্ম বিভূষণ, পদ্মভূষণ আৰু পদ্মশ্ৰী বঁটা ২০২৩ বাবে অনলাইন যোগে মনোনয়ন পত্ৰ জমা কৰাৰ আজি অন্তিম দিন ৷
মে’ মাহৰ ১ তাৰিখৰ পৰা পদ্ম বঁটাৰ বাবে আৰম্ভ হোৱা অনলাইন মনোনয়ন পত্ৰ পূৰণৰ দিন ১৫ ছেপ্টেম্বৰ বৃহস্পতিবাৰে অন্তপৰিব ৷ প্ৰতিবছৰে দেশৰ গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰে দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান পদ্ম বঁটা ।