Friday, November 8, 2024
Homeসাহিত্যআজি বিশ্ব ছ’চিয়েল মিডিয়া দিৱস

আজি বিশ্ব ছ’চিয়েল মিডিয়া দিৱস

ডিজিটেল ডেস্ক, ANEWS24X7: সমগ্ৰ বিশ্বৰ মানুহৰ সৈতে সংযোগ স্থাপনৰ এক গুৰুত্বপূৰ্ণ আহিলা হৈছে ছ’চিয়েল মিডিয়া । ছ’চিয়েল মিডিয়াৰ প্ৰভাৱ আৰু বিশ্ব যোগাযোগত ইয়াৰ ভূমিকাক উজ্জ্বল কৰি তুলিবলৈ প্ৰতি বছৰে ৩০ জুনত এই বিশ্ব ছ’চিয়েল মিডিয়া দিৱস উদযাপন কৰা হয় । বৰ্তমান সময়ত অতি গুৰুত্বপূৰ্ণ ছ’চিয়েল মিডিয়াৰ উৎপত্তি সম্পৰ্কে জানো আহক সমগ্ৰ বিশ্বৰ মানুহৰ সৈতে সংযোগ স্থাপনৰ এক গুৰুত্বপূৰ্ণ আহিলা হৈ পৰিছে ছ’চিয়েল মিডিয়া ।

সম্প্ৰতি ছচিয়েল মিডিয়া মূলত বিশ্বৰ মানুহক কেন্দ্ৰ কৰি গঠিত এক প্লেটফৰ্ম । মানুহেই ছচিয়েল মিডিয়াৰ ব্যৱহাৰ তথা পৰিচালনা কৰে । ছচিয়েল মিডিয়া ব্যৱহাৰ কৰিব পৰা ডিজিটেল আহিলাসমূহ হ’ল মোবাইল, আইফোন,কম্পিউটাৰ ,লেপটপ ইত্যাদি । এইসমূহ আহিলাত ইণ্টাৰনেট সংযোগৰ লগে লগে আপুনি আপোনাৰ একাউণ্টৰ মাধ্যমেৰে যুক্ত হৈ পৰে ছচিয়েল মিডিয়াৰ বহল পৃথিৱীখনৰ লগত । বিশ্বত ৩.৮১ বিলিয়ন ছচিয়েল মিডিয়াৰ ব্যৱহাৰকাৰী আছে

ই পৃথিৱীৰ ৪৯% জনসংখ্যাক সামৰি লয় ।ইয়াৰ প্ৰায় প্ৰতিজন ব্যক্তিৰেই আঠটাতকৈ অধিক বেলেগ বেলেগ ছচিয়েল মিডিয়াৰ একাউণ্ট আছে ।যেনে ফেচবুক, টুইটাৰ, লিংকড ইন,ইনষ্টাগ্ৰাম,স্নেপচাট,পিন্টাৰেষ্ট,ৰেড্ডিট ইত্যাদি । ব্যৱহাৰকাৰীসকলে গড়ে প্ৰতিদিনে আঢ়ৈ ঘণ্টাকৈ ছচিয়েল মিডিয়া ব্যৱহাৰ কৰে বুলি তথ্যত প্ৰকাশ ।ভাৰতত ব্যৱহাৰকাৰীৰ সংখ্যা ৩৫১.৪ মিলিয়ন ।চাবলৈ গ’লে দেশৰ গৰিষ্ঠসংখ্যক নাগৰিকেই ছচিয়েল মিডিয়া ব্যৱহাৰ কৰে ।

আনহাতে ছ’চিয়েল মিডিয়াসমূহৰ যথেষ্ট প্ৰশংসনীয় ইতিবাচক দিশ আছে যদিও ইয়াৰ কিছুমান নেতিবাচক দিশো আছে । কিন্তু ছ’চিয়েল মিডিয়াসমূহৰ যথেষ্ট প্ৰশংসনীয় ইতিবাচক দিশ সমূহৰ ওপৰত গুৰুত্ব দিয়াটো অতি প্ৰয়োজনীয় ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments