ডিজিটেল ডেস্ক, ১৮ অক্টোবৰ: আজি কাতি বিহু। আমি নাম থৈছো কঙালী। কাৰণ কাতি বিহুত আমি নানাচো। কাতি বিহুত আমি ৰং-ৰহইছ নকৰো। কাতি বিহুত মাথোঁ প্ৰাৰ্থনা কৰোঁ।
আমাৰ দুহাতৰ প্ৰাৰ্থনাত উপচি পৰে সোণালী সমৃদ্ধি। কাতি বিহুত পোহৰ হৈ উজ্বলি উঠে অসমীয়াৰ মনে-প্ৰাণে সোমাই থকা পৰম্পৰা আৰু ঐতিহ্যৰ ৰং। গেঁৰ ধৰা ধাননি পথাৰখনত চাকি এগচি জ্বলাই আই উভতি আহে পথাৰৰ বঙিয়াইদি। সন্ধিয়া উজ্বলি উঠে আকাশ। ইমান পোহৰ যে বুকুৰ ভিতৰখনো উজ্বলি উঠে। বুকুৰ ভিতৰখনো আচলতে কাতি বিহুতেই পোহৰ হয়।
আহিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা পালন কৰা এই কাতি বিহুক লৈ ব্যস্ত হৈ পৰে প্ৰতিজন চহা অসমীয়া। তুলসী তলৰ চাকিগছি, আকাশবন্তিৰে উদ্ভাসিত হ’ব অসমৰ ইমূৰৰ পৰা সিমূৰ। তুলসী তলত চাকিগচি জ্বলাই প্ৰতিজন অসমীয়াই পৰিয়ালৰ লগতে দহৰ মংগল কামনা কৰাৰ লগতে কঁপালৰ ঘাম মাটিত পেলাই কৰা খেতিডৰাত চাকি জ্বলাই শস্যৰ শ্ৰীবৃদ্ধি কামনা কৰিব। আকাশ বন্তিৰ পোহৰে উজলাই তুলিব অসমীয়াৰ পদূলি৷