ডিজিটেল ডেস্ক,ANEWS24X7:;দেশজুৰি হিন্দু ধৰ্মী লোকসকলে উদযাপন কৰিছে শিৱৰাত্ৰি। শান্তি,সমৃদ্ধিৰ লগতে মনোবাঞ্চা পূৰণ হোৱাৰ বিশ্বাসেৰে ভক্তসকলে আশীষ লয় আদিযোগী ভোলানাথৰ ওচৰত ।

মহাদেৱ হৈছে এনে এজন দেৱতা যি কাৰোৰে বেয়া হোৱাটো নিবিচাৰে। সংস্কৃত শব্দৰ পৰা অহা ‘শিৱ’ৰ অৰ্থ হৈছে মংগল। হিন্দু সকলৰ তিনিটা বিশেষ প্ৰাথমিক দৈৱসত্বাৰ অন্যতম হ’ল মহাদেৱ। ত্ৰিমূৰ্তিৰ ভিতৰত বহুতে শিৱকে সৰ্বোচ্চ ইশ্বৰ বুলি জ্ঞান কৰে।

মহাশিৱৰাত্ৰি উপবাস – তাৎপৰ্য্য- উপবাস হ’ল নিৰ্দিষ্ট সময়ৰ বাবে খাদ্য বা পানীয়ৰ পৰা বিৰত থকাৰ এক প্ৰথা। হিন্দু ধৰ্ম শাস্ত্ৰই এই উপবাসৰ সদাই পোষকতা কৰি আহিছে, আৰু শেহতীয়াকৈ বহু বিশেষজ্ঞই উপবাসক উৎসাহিত কৰিছে, ইয়াৰ ফলত হোৱা স্বাস্থ্য উপকাৰিতাৰ বাবেই।মহাশিৱৰাত্ৰীৰ উপবাসক মহাশিৱৰাত্ৰি ব্ৰত বুলিও কোৱা হয়। শিৱ ৰাত্ৰি হোৱাৰ আগৰে পৰাই উৎসৱৰ পুৱাৰ পৰা পিছদিনালৈকে ২৪ ঘন্টা শিৱ ভক্ত সকলে উপবাসে থকাৰ নিয়ম আছে।
আমাৰ হিন্দু সংস্কৃতিত বিভিন্ন আধ্যাত্মিক পথৰ বহুতো মানুহ আছে। মহাশিৱৰাত্ৰি শৈৱ ভক্ত সকলৰ বাবে এক গুৰুত্বপূৰ্ণ উৎসৱ। আধ্যাত্মিক গুৰুসকলৰ মতে মহাশিৱৰাত্ৰি হৈছে এনে এটা দিন যেতিয়া সৌৰ জগতৰ গ্ৰহটোৰ উত্তৰ গোলাৰ্ধে এক অনন্য স্থান দখল কৰে।
ইয়াৰ ফলত সকলো জীৱই শক্তিৰ প্ৰচুৰ আহৰণৰ সুবিধা লাভ কৰে। আজিকালি ধৰ্ম গুৰুসকলে বিশ্বাস কৰে যে মানুহে আধ্যাত্মিকতাৰ ক্ষেত্ৰত অনন্য অভিজ্ঞতা লাভ কৰি আহিছে। এই কাৰণেই বহু ধৰ্মীয় গোষ্ঠীয়ে নিশা জপ আৰু ধ্যান-ধাৰণাৰ অধিবেশন কৰি মানুহক আধ্যাত্মিক প্ৰৱণতা উপলব্ধি কৰাত সহায় কৰে।
