Monday, July 7, 2025
Homeঅসমআজি মহা ষষ্ঠী,প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ল দেৱী দূর্গাৰ মৃণ্ময় প্ৰতিমাত

আজি মহা ষষ্ঠী,প্ৰাণ প্ৰতিষ্ঠা কৰা হ’ল দেৱী দূর্গাৰ মৃণ্ময় প্ৰতিমাত

ডিজিটেল ডেস্ক, ২০ অক্টোবৰ: আজি মহাষষ্ঠী। আজিৰে পৰা ৰাজ্যত দেখা পোৱা গৈছে শাৰদীয় দুৰ্গোৎসৱৰ ব্যাপক উছাহ।

কোভিড মহামাৰীৰ বাবে যোৱা দুটা বছৰৰ সেমেকা পূজাৰ আনন্দৰ পিছত এইবাৰ জাক জমকতাৰে দুৰ্গাৰ আৰধনা কৰিবলৈ সাজু হৈছে সকলো।

অসমৰ বিভিন্ন প্ৰান্তত আটক ধুনীয়াকৈ নিৰ্মাণ কৰা হৈছে দুৰ্গা পূজাৰ পেণ্ডেল। মিঠাইৰ দোকান, মনিহাৰীৰ দোকানেৰে ভৰি পৰা পূজা পেণ্ডেলৰ চৌহদত সৃষ্টি হৈছে এক উছৱ মুখৰ পৰিৱেশ।

হিন্দু পৌৰাণিক কাহিনীৰ মতে এই সময়ত দেৱীয়ে ভক্তসকলক আশীৰ্বাদ দিবলৈ আহে তেওঁৰ পাৰ্থিৱ বাসস্থানলৈ। বাঙালী জনগোষ্ঠীৰ বাবে দুৰ্গা পূজা আটাইতকৈ ডাঙৰ উৎসৱ।

দুৰ্গা পূজাৰ তাৎপৰ্য্য ধৰ্মৰ বাহিৰলৈ গৈ কৰুণা, ভাতৃত্ববোধ, মানৱতা, কলা-সংস্কৃতিৰ উদযাপন হিচাপে ইয়াক শ্ৰদ্ধা কৰা হয়।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments