আজি ৰঙালী বিহুৰ উৰুকা। উৰুকাৰ দিনা গাঁৱৰ জীয়ৰী-বোৱাৰী এইদৰে ওলাই আহিছে বিহু নাচিবলৈ। কাইলৈ গৰু বিহু৷ ঢোল-পেঁপাৰ মাতত ৰজনজনাইছে গাঁও-চহৰ৷
অসমীয়াৰ গা-মন এতিয়া সাতখন, আঠখন। প্ৰাণৰ ৰঙালী বিহুক আদৰিবলৈ সকলোপ্ৰকাৰে সাজু হৈ উঠিছে অসমীয়া। ৰাজ্যৰ প্ৰান্তে-প্ৰান্তে দেখা গৈছে ব’হাগ বিহুৰ প্ৰস্তুতি। বিভিন্ন প্ৰান্তত চলি আছে বিহুনাচ, বিহুগীতৰ কৰ্মশালা। ৰঙালী বিহুত এপাক কঁকাল ঘূৰাই নাচিবৰ মন প্ৰতিগৰাকী অসমীয়াৰ। সেয়ে ৰঙালী বিহুলৈ এমাহ থাকোঁতেই আৰম্ভ কৰে বিহুৰ আখৰা।
ব’হাগ মানেই কপৌফুল, ব’হাগ মানেই দুহাতত জেতুকাৰ বোল। ব’হাগ মানেই যেন মৰমৰ আদান-প্ৰদান। ব’হাগক আদৰিবলৈ এতিয়া ব্যস্ত হৈ পৰিছে গ্ৰামাঞ্চলৰ ডেকা-গাভৰু। বাৰীৰ ঢাপৰ জেতুকা আনি দুহাতত জেতুকা বুলাই প্ৰাণৰ ৰঙালী বিহুত এপাক নাচিবলৈ সাজু হৈছে গাভৰু।
বিহু গীত জুৰি নাচনীহঁতে জীপাল কৰিছে চহা গাঁৱৰ পৰিবেশ। দূৰৈৰ পৰা ভাঁহি আহিছে কুলিৰ মাত। ঢোল-পেঁপাৰ মাতত নাচনীৰ থৌকি-বাথৌ মন। এনেদৰেই এতিয়া ৰাজ্যৰ প্ৰান্তে-প্ৰান্তে বিহুক লৈ দেখা গৈছে উছৱমুখৰ পৰিবেশ।