Monday, July 7, 2025
Homeঅসমকাইলৈ কাতিবিহু! কেনেদৰে ৰোপণ কৰিব তুলসী জোপা

কাইলৈ কাতিবিহু! কেনেদৰে ৰোপণ কৰিব তুলসী জোপা

ডিজিটেল ডেস্ক, ANEWS24X7: কাইলৈ অসমীয়াৰ বাপোতি সাহোন কাতিবিহু। কাতি বিহু অথবা কঙালী বিহু উপলক্ষে ব্যস্ত প্ৰতিজন অসমীয়া ৷ অসমীয়া লোক জীৱনৰ সৈতে অতীতৰে পৰা কাতি বিহুৰ আছে এক বিশেষ সম্পৰ্ক ।

কৃষকৰ সপোনৰ খেতিডৰা এতিয়া গেঁৰ ধৰিছে৷ শস্য শ্যামলা পথাৰখন লখিমীৰে ওপচি পৰাৰ কামনাৰে ধাননি পথাৰত চাকি জ্বলোৱাৰ লগতে সমাজৰ পৰা অসূয়া–অশান্তি দূৰ হোৱা, পোক-পতংগৰ পৰা খেতিডৰা ৰক্ষা কৰাৰ উদ্দেশ্যেৰে অতীজৰে পৰা পৰম্পৰাগতভাৱে কঙালী বিহু পালন কৰি আহিছে৷ ভঁৰাল ঘৰ, গোহালি ঘৰ, তামোল–নাৰিকল আদি গছৰ তলতো চাকি-বন্তি জ্বলাই প্ৰতিঘৰ অসমীয়াই ৷

কাতি বিহু উপলক্ষে ঘৰে ঘৰে ৰোপণ কৰে এজোপাকৈ তুলসী। চোতালৰ তুলসীজোপাৰ তলত চাকি জ্বলাই ঐশ্বৰ্য, সমৃদ্ধিৰ দেৱী লক্ষ্মীক প্ৰাৰ্থনা জনাই সমগ্ৰ ৰাজ্যবাসীয়ে। কিন্তু জানেনে এই তুলসী গছ ৰোপন কৰাৰো কিছুমান নিয়ম থাকে। কোন খিনি ঠাইত ৰুব, কিদৰে ৰুব আদি। ইয়াৰ লগতে বাস্তু শাস্ত্ৰও জড়িত হৈ আছে তুলসী গছ ৰোপন কৰাৰ সৈতে।

বাস্তু শাস্ত্ৰ অনুসৰি ঘৰৰ উত্তৰ-পূৱ অংশত ৰোপণ কৰব লাগে তুলসীজোপা। তুলসীজোপাৰ লগতে এটা চেনিকলৰ পূলিও ৰোপণ কৰিব লাগে তাক শুভ বুলি গণ্য কৰা হয়।

আনহাতে তুলসীজোপা ৰোপণ কৰোতে তাৰ চাৰিওফালে এপাক ঘূৰিবলৈ ঠাই থ’ব লাগে। কিয়নো তুলসীৰ গুৰিত পানী দি পৰিক্ৰমা কৰিলে শুভ বুলি গণ্য কৰা হয়।

তুলসীজোপাৰ চাৰিওকাষ সদায় চাফা কৰি ৰাখিব লাগে। জাবৰ জোথৰ, ঝাড়ু বা চেণ্ডেল তুলসীৰ ওচৰত ৰাখিব নালাগে।

শাস্ত্ৰ অনুসৰি, ঘৰত কাঁইটীয়া গছ ৰোপণ কৰাটো শুভ বুলি গণ্য কৰা হয়। কিন্তু গোলাপ গছ কেতিয়াও তুলসী গছৰ ওচৰত ৰাখিব নালাগে। এনে কৰিলে ঘৰখনত নেতিবাচক প্ৰভাৱ পৰে।

তুলসীৰ ভেটি নিৰ্মাণ কৰোতে ভেটিটোৰ মাটি টান কৰিব নালাগে। তুলসীও এজোপা গছ। জীয়াই থাকিবৰ বাবে মাটিয়ে টনা বায়ু লাগে তুলসীকো।

মাটিৰে লিপি ভেটি তুলসীৰ পৰা কিছু দুৰৈত বনাওক। আনহাতে তুলসীৰ তলত জ্বলোৱা চাকি গছও গছজোপাই তাপ নোপোৱাকৈ জ্বলাব লাগে।

20491

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments