Thursday, November 7, 2024
Homeৰাজনৈতিকদীপাৱলীত মূল্যবান উপহাৰ দি বিতৰ্কত পৰ্যটন মন্ত্ৰী

দীপাৱলীত মূল্যবান উপহাৰ দি বিতৰ্কত পৰ্যটন মন্ত্ৰী

 

ডিজিটেল ডেস্ক, ANEWS24X7: দীপাৱলীৰ উপহাৰকলৈ এইবাৰ বিতৰ্ক ৷ কৰ্ণাটকৰ পৰ্যটন মন্ত্ৰী আনন্দ সিঙে পৌৰ পৰিষদলৈ আগবঢ়োৱা দীপাৱালী উপহাৰকলৈ বিতৰ্কৰ সৃষ্টি হৈছে ৷

আনন্দ সিঙে বিজয়নগৰ বিধানসভা সমষ্টিৰ অধীনৰ পৌৰসভা আৰু পঞ্চায়তৰ নিৰ্বাচিত প্ৰতিনিধি সকললৈ মূল্যবান উপহাৰ প্ৰেৰণ কৰি বিতৰ্কৰ সন্মুখীন হৈছে ৷

পৌৰসভা আৰু পঞ্চায়ত প্ৰতিনিধি সকললৈ মন্ত্ৰী আনন্দ সিঙে নগদ ১ লাখ টকা , ১৪৪ গ্ৰাম সোণৰ বিস্কুত আৰু ১ কিলোগ্ৰাম ৰূপ ,দামী শাৰী, ধুতি আৰু শুকান ফলৰ বাকচ উপহাৰ হিচাপে প্ৰেৰণ কৰিছে ৷ সম্প্ৰতি আনন্দ সিঙে প্ৰৰণ কৰা উপহাৰৰ টোপোলা সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে ৷ অৱশ্যে কিছু পৌৰসভা আৰু পঞ্চায়ত প্ৰতিনিধিয়ে মন্ত্ৰী আনন্দ সিঙে প্ৰেৰণ কৰা উপহাৰ গ্ৰহণ কৰা নাই বুলি সামাজিক মাধ্যম যোগে সদৰী কৰিছে ৷

উল্লেখ্য যে বিজয় নগৰ বিধানসভা সমষ্টিৰ বিধায়ক তথা কৰ্ণটক চৰকাৰৰ পৰ্যটন মন্ত্ৰী আনন্দ সিঙ পূৰ্বতে খনি কেলেংকাৰীৰ লগত জড়িত থকাৰ অভিযোগ আছে ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments