Sunday, July 6, 2025
Homeঅসমশোকাৱহ! হাতীৰ গচকত প্ৰাণ গ'ল নৱম শ্ৰেণীৰ ছাত্ৰীৰ

শোকাৱহ! হাতীৰ গচকত প্ৰাণ গ’ল নৱম শ্ৰেণীৰ ছাত্ৰীৰ

ডিজিটেল ডেস্ক, ANEWS24X7: মৰিয়নীত বৰ্তমানেও অব্যাহত আছে হাতী মানুহৰ সংঘাত। গিবন অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা বন্যহস্থীৰ জাকৰ পৰা ফালৰি কাটি ওলাই অহা এটা হাতীয়ে পুৱতি নিশা বিজয়পুৰত উপদ্ৰৱ চলাইছিল৷

পিতৃহাৰা বৰষা গগৈ মাতৃ আৰু ভাতৃৰ সৈতে হাতী অহাৰ কথা জানিব পাৰি নিৰাপদ আশ্ৰয় বাবে ঘৰৰ পৰা ওলাই গৈছিল। কিন্তু নিৰাপদ ঠাই গৈ পোৱাৰ আগতেই ঘৰৰ পদূলিতে বন্যহস্তীৰ আক্ৰমণৰ সন্মুখীন হয় পৰিয়ালটো। হাতীৰ গচকত প্ৰাণ গ’ল নৱম শ্ৰেণীৰ ছাত্ৰী বৰষা গগৈৰ।

পৰৱৰ্তীসময়ত স্থানীয় আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে উদ্ধাৰ কৰে মৃতদেহটো । বন্যহস্তীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় কিশোৰীগৰাকীৰ মাতৃ লক্ষীমাই গগৈ। উল্লেখ্য যে, মৰিয়নী জংঘলব্লক হাইস্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰী আছিল বৰষা।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments