ডিজিটেল ডেস্ক, ANEWS24X7: মণিপুৰত অব্যাহত থকা হিংসাত্মক পৰিস্থিতিৰ মাজতে উত্তৰ-পূব সীমান্ত ৰে’লৱেই ৰাজ্যত ৰে’ল সেৱা বন্ধ কৰাৰ নিৰ্দেশ জাৰি। পৰিস্থিতি উন্নত নোহোৱালৈকে মণিপুৰত প্ৰৱেশ নিষেধ ৰে’লৰ । এন এফ ৰেলৱেৰ চি পি আৰ অ’ সব্যাসচি দে কয় যে পৰিস্থিতি উন্নত নোহোৱালৈকে কোনো ৰে’ল মণিপুৰত প্ৰৱেশ কৰিবলৈ দিয়া নহব । মণিপুৰ চৰকাৰে ৰে’লৰ চলাচল বন্ধ কৰাৰ পৰামৰ্শ দিয়াৰ পিছতে এই সিদ্ধান্ত লোৱা হয় ।
মণিপুৰলৈ চলাচল কৰা ৪ খনকৈ ৰে’ল বাতিল কৰা হৈছে। শনিবাৰ পৰ্যন্ত ৰাজ্যখনত ৰে’লসেৱা বন্ধ থাকিব। ইপিনে বাতিল হোৱা ৰে’লকেইখন ক্ৰমে-
১) ১২০৯৭ আগৰতলা-খংচাং জনশতাব্দী এক্সপ্ৰেছ
২) ১২০৯৮ খংচাং-আগৰতলা জনশতাব্দী এক্সপ্ৰেছ
৩) ০৫৬৫৯ শিলচৰ-ভঙাইচুংপাও পেচেঞ্জাৰ স্পেচিয়েল আৰু
৪) ০৫৬৬০ ভঙাইচুংপাও-শিলচৰ পেচেঞ্জাৰ স্পেচিয়েল
আনহাতে পৰৱৰ্তী সময়ৰ পৰিস্থিতিৰ ওপৰত ভিত্তি কৰিহে ৰে’ল চলাচলৰ সিদ্ধান্ত গ্ৰহণ কৰা হ’ব।