ডিজিটেল ডেস্ক ANEWS24X7: ট্ৰেইনত, বাছত নতুবা ৰাজপথত কেতিয়াবা তৃতীয় লিংগৰ লোক সকলক আপুনি নিশ্চয় দেখিছে ৷ এই লোক সকলৰ মাজত না সম্পূৰ্ণকৈ মহিলাৰ বৈশিষ্ট দেখা যা না মহিলাৰ বৈশিষ্ট দেখা যায় ৷সদা অবহেলিত এই মিশ্ৰিত বৈশিষ্টৰ লোক সকলক সাধাৰণতে তৃতীয় লিংগৰ লোক বা হিজিৰা বুলি কোৱা হয় ৷ স্বাভাবিক জীৱন যাত্ৰাৰ পৰা সদায়ে বঞ্চিত এই সকল লোক ৷ সাধাৰণতে সমাজত হীন মনোভাৱেৰে চোৱা হয় এই সকল লোকক ৷ অৱশ্যে কোনো কোনো ঠাইত এই সকলক লোক অতি সন্মানৰ দৃষ্টিৰো চোৱা হয় ৷ মাংগলিক অনুষ্ঠানতো বিশেষ ভাবে নিমন্ত্ৰণ জনোৱা হয় এই তৃতীয় লিংগৰ লোক সকলক ৷ অতি কন্টকময় হয় এই সকল লোকৰ জীৱন যাত্ৰা ৷
পিছে কিয় হয় হিজিৰাৰ জন্ম ? বিজ্ঞানে এই সন্দৰ্ভত কি কয়..
বিজ্ঞানৰ ব্যাখ্যা অনুসৰি XX ক্ৰমজমৰ দ্বাৰা ছোৱালী শিশুৰ জন্ম হয় আৰু XY ক্ৰমজমৰ দ্বাৰ লৰা শিশুৰ জন্ম হয় ৷ অৰ্থাৎ সহজ ভাষাত কবলৈ হলে X আৰু X ক্ৰমজমৰ মিলনৰ ফলত ছোৱালী শিশুৰ ভ্ৰুণ গঠন হয় আৰু X আৰু Y ক্ৰমজমৰ মিলনৰ ফলত এটা লৰা শিশুৰ ভ্ৰুণ গঠন হয় ৷ মহিলা সকলে XX ক্ৰমজম আৰু পুৰুষ সকলে XY ক্ৰমজম ধাৰণ কৰে ৷ এই ধৰণৰ ক্ৰমজমৰ বিকাশৰ ফলতে ল’ৰা শিশু সকলৰ মাজত অণ্ডকোষ আৰু ছোৱালী শিশু সকলৰ মাজত ডিম্বা কোষৰ সৃষ্টি হয় ৷ এইয়া হ’ল সাধাৰণ ল’ৰা বা ছোৱালী জন্ম হোৱাৰ প্ৰক্ৰিয়া ৷ কোনো কোনো বিশেষ ক্ষেত্ৰত ভ্ৰুণৰ বিকাশৰ সময়ত অথবা শুক্ৰাণু আৰু ডিম্বাণুৰ মিলন আৰু বিভাজনৰ অস্বাভাবিক বিকাশৰ ফলত XXY আৰু XYY ক্ৰমজমৰ বিকাশ হয় ।
ক্ৰমজমৰ এনে অস্বাভাবিক বিকাশৰ ফলতে হিজিৰা বা তৃতীয় লিংগৰ সন্তান জন্ম হয় ৷ কিছু কিছু ক্ষেত্ৰত প্ৰথম অৱস্থাত স্বাভাবিক যেন লাগিও পিছলে অসাধৰণ কিছু লক্ষণে দেখা দিয়ে ৷