ডিজিটেল ডেস্ক ANEWS24X7: বিগত বৰ্ষত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ভিতৰত ত্ৰিপুৰাত ব্যাপক হাৰত বৃদ্ধি পাইছে ৰাজনৈতিক হিংসাৰ ঘটনা ৷ বিগত বৰ্ষত ত্ৰিপুৰাত ৬৪ টা ৰাজনৈতিক হিংসাৰ গোচৰ ৰুজু হৈছে আৰু ইয়াৰ দ্বাৰা ১৩৬ জন লোক ভুক্তভোগী হৈছে ৷ NCRBৰ প্ৰতিবেদনত পোহৰলৈ আহিছে এই ভয়ংকৰ তথ্য । ২৯ আগষ্টত প্ৰকাশ পোৱা NCRB ৰ ২০২১ বৰ্ষৰ অপৰাধ সম্পৰ্কীয় পৰিসংখ্যাৰ নতুন সংস্কৰণত প্ৰকাশ পাইছে এই তথ্য ।
NCRB য়ে প্ৰকাশ কৰা ‘ক্ৰাইম ইন ইণ্ডিয়া’ শীৰ্ষক এই বাৰ্ষিক প্ৰতিবেদন অনুসৰি দেশত বিগত বৰ্ষত আইপিচিৰ বিভিন্ন ধাৰাৰ অধীনত ৰাজহুৱা শান্তিৰ বিৰুদ্ধে মুঠ ৪,৫৭৭ টা গোচৰ পঞ্জীয়ন কৰা হৈছে । ইয়াৰ ভিতৰত আইন বহিৰ্ভূত সমাবেশৰ ২,১৯১ টা গোচৰ ৰুজু হৈছে ৷ প্ৰতিবেদন অনুসৰি উত্তৰ-পূৰ্বাঞ্চলৰ ত্ৰিপুৰা আৰু মণিপুৰত এটাকৈ ৰাজহুৱা অশান্তি সম্পৰ্কীয় গোচৰ ৰুজু হৈছে । আনহাতে অসমত ১২৯২ টা গোচৰ ৰুজু হৈছে ।
ইয়াৰ ওপৰিও আৰক্ষী কৰ্মী বা চৰকাৰী কৰ্মচাৰীৰ ওপৰত হোৱা আক্ৰমণৰ ১১ টা ঘটনা ত্ৰিপুৰাত সংঘটিত হৈছে । ১০ টা গোচৰ ৰুজু হৈছে । মণিপুৰত ৭ টা গোচৰ পঞ্জীয়ন কৰা হৈছে ।