ডিজিটেল ডেস্ক, ANEWS24X7: ত্ৰিপুৰা বিজেপিত পুনৰ খহনীয়া ৷ পদত্যাগ কৰিছে আন এগৰাকী বিধায়কে ৷ শুক্ৰবাৰে ত্ৰিপুৰা বিধানসভাৰ কাৰবুক সমষ্টিৰ বিজেপি বিধায়ক বুৰ্বা মোহনে ৰাজ্যিক বিধানসভাৰ পৰা পদত্যাগ কৰে ৷ত্ৰিপুৰা বিধান সভাৰ অধ্যক্ষ ৰতন চক্ৰৱৰ্তীৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰে বুৰ্বা মোহনে ৷
পদত্যাগৰ সময়ত বুৰ্বা মোহনক সঙ্গ দিয়ে TIPRA ৰ মুৰব্বী প্ৰদ্যুত মানিক্য দেৱবৰ্মাই ৷ পদত্যাগ পত্ৰ দাখিল কৰি বিধানসভাৰ অধ্যক্ষ ৰতন চক্ৰৱৰ্তীক বিধায়ক বুৰ্বা মোহনে কয় যে ,‘‘ মই ইয়াৰ দ্বাৰা ৪৩ নং কাৰবুক সমষ্টিৰ বিধায়ক পদৰ পৰা পদত্যাগ কৰিছো ৷ আপোনি অনুগ্ৰহ কৰি মোৰ পদত্যাগ পত্ৰখন গ্ৰহণ কৰিব ৷’’
উল্লেখ্য যে বিজেপি ত্যাগ কৰাৰ পিছত বুৰ্বা মোহনে প্ৰদ্যুত মানিক্য দেৱবৰ্মা নেতৃত্বাধীন ত্ৰিপুৰাৰ আঞ্চলিক ৰাজনৈতিক দল TIPRA ত যোগদান কৰিব ৷ বুৰ্বা মোহন ত্ৰিপুৰা বিজেপিৰ অন্যতম এজন বিসংবাদী বিধায়ক ৷ পৰবৰ্তী সময়ত বুৰ্বা মোহনৰ লগতে আন কেইবাজনো বিজেপি বিধায়কে দল ত্যাগ কৰাৰ সম্ভাৱনা আছে ৷