ডিজিটেল ডেস্ক, ANEWS24X7: ত্ৰিপুৰাত স্থাপন কৰা হ’ব এছিয়াৰ ভিতৰত সৰ্বোচ্চ ফোৱাৰা । ত্ৰিপুৰাৰ ৰাজধানী আগৰতলাৰ উজ্জয়ন্ত প্ৰাসাদত নিৰ্মাণ কৰা কৰা হৈছে এই ফোৱাৰাটো । আগৰতলা স্মাৰ্ট চিটি লিমিটেড প্ৰকল্পৰ অধীনত নিৰ্মাণ কৰা এই ফোৱাৰাটোৰ নিৰ্মাণ কাৰ্য প্ৰায় সম্পূৰ্ণ হৈছে ।
২০২৩ বৰ্ষৰ জানুৱাৰী মাহৰ ভিতৰত সম্পূৰ্ণ কৰা হ’ব ইয়াৰ নিৰ্মাণ কাৰ্য । এছিয়ান ডেভেলপমেণ্ট বেংকে বিত্তীয় সাহায্য অনুমোদন জনোৱা এই ফোৱাৰাটোৰ উচ্চতা হ’ব মুঠ ১২০ মিটাৰ।।
আগৰতলা স্মাৰ্ট চিটি লিমিটেড প্ৰকল্পৰ মুখ্য কাৰ্যবাহী বিষয়া ড০ শৈলেশ কুমাৰ যাদৱে কয়, “এই প্ৰকল্পত আমি এটা ফোৱাৰা স্থাপন কৰিম, ই এছিয়াৰ আটাইতকৈ ডাঙৰ ফোয়াৰা হ’ব। ফোৱাৰাটো ১২০ মিটাৰ উচ্চতাৰ হ’ব আৰু ২০২৩ চনৰ জানুৱাৰী মাহৰ ভিতৰত কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে।’