ডিজিটেল ডেস্ক, ANEWS24X7: ত্ৰিপুৰাত উত্তেজনাময় পৰিস্থিতি ৷ ত্ৰিপুৰাৰ চেপাহিজালা জিলাত জাৰি কৰা হৈছে ১৪৪ ধাৰা ৷ বুধবাৰে চেপাহিজালা জিলাৰ বিশালগড় উপ-সংমণ্ডলত কংগ্ৰেছ আৰু বিজেপি দলৰ কৰ্মী সকলৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয় ৷ এক অনুষ্ঠানত মন সৰকাৰ নামৰ এজন বিজেপি কৰ্মীয়ে গুলীচালনাৰ ঘটনা সংঘটিত কৰে ।
এই গুলীচালনাৰ ফলত সিকন্দৰ আলী নামৰ এজন কংগ্ৰেছ কৰ্মী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় । ইয়াৰ পিছতে ত্ৰিপুৰাৰ বিশলগড়ত কংগ্ৰেছ দল আৰু বিজেপিৰ কৰ্মীসকলৰ মাজত সংঘৰ্ষৰ সৃ্ষ্টি হয়।
প্ৰশাসনে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবৰ বাবে সমগ্ৰ অঞ্চলটোত ১৪৪ ধাৰা জাৰি কৰিছে । অঞ্চলটোত মোতায়েন কৰা হৈছে আৰক্ষীৰ উপৰিও, কেন্দ্ৰীয় ৰিজাৰ্ভ আৰক্ষী বাহিনী আৰু ত্ৰিপুৰা ৰাজ্যিক ৰাইফলৰ জোৱানক ।
দুয়োটা দলৰ মাজত হোৱা সংঘৰ্ষৰ ফলত অগ্নিনিৰ্বাপন বাহিনীৰ ৫ জন জোৱান আহত হোৱাৰ লগতে এখন বিভাগীয় বাহন ক্ষতিগ্ৰস্থ হয় । আহত ত্ৰিপুৰা অগ্নি নিৰ্বাপক বিভাগৰ জোৱানসকল হ’ল ,ৰঞ্জিত দাস, জয়ন্ত ভৌমিক, প্ৰল্যধ বনিক, সুজিত সাহা আৰু জাকিৰ হুছেইন।